CM Interact with Journalists: বছৰৰ প্ৰথম দিনটোত সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ
পহিলা জানুৱাৰীৰ দিনটোত গুৱাহাটীত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে ৷ সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত আলফা স্বাধীনৰ সৈতে আলোচনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ বাহিৰে কথা নাপাতে আৰু মই সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ শপত লৈছোঁ বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
Assam land encroached by neighbouring states: চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫০ হেক্টৰ ভূমি
এফালে সীমা সমস্যাক লৈ আলোচনা চলিছে আৰু আনফালে চুবুৰীয়া ৰাজ্যই দখল কৰি গৈছে অসমৰ ভূমি । বিগত ডেৰ বছৰত মিজোৰাম, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডে অসমৰ ১৩,৭৪১ হেক্টৰ ভূমি দখল কৰিছে । অৰুণাচল প্রদেশে দখল কৰা ভূমিৰ পৰিমাণ ১৬,১৪৪ হেক্টৰ । নাগালেণ্ডে দখল কৰা ভূমিৰ পৰিমাণ ৫৯,৪৩০ হেক্টৰ ।
Nuclear Installations List Exchange: ভাৰত-পাকিস্তানৰ মাজত পাৰমাণৱিক শক্তিৰ তালিকা আদান-প্ৰদান
প্ৰতিবছৰৰ দৰে এইবেলিও ভাৰত-পাকিস্তানৰ মাজত আদান-প্ৰদান কৰা হ’ল পাৰমাণৱিক শক্তি তালিকা ৷ পাকিস্তানৰ শক্তিৰ তালিকা ইছলামাবাদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ত আৰু ভাৰতৰ শক্তিৰ তালিকা নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিনিধিক অৰ্পণ কৰা হয় (India and Pakistan Nuclear Installations list exchange)৷
New year 2023 :যোৰহাটত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজকাৰীৰ ভিৰ
আজি পহিলা জানুৱাৰী (New year celebration in Assam)। চাওতে চাওতে কেলেণ্ডাৰৰ পৰা আৰু এটা বছৰে মেলানি মাগিলে ৷ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা, ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৩ বৰ্ষতো আৰম্ভ কৰিছে সকলোৱে ৷ সকলোৱে মংগল কামনাৰে বিভিন্ন মঠ-মন্দিৰ, সত্ৰ- নামঘৰত ভিৰ কৰিছে ৷ বছৰৰ প্ৰথম দিনটোত লোকাৰণ্য হৈ পৰিল যোৰহাট (New year celebration in Jorhat)।
Year Ender 2022 : প্ৰতিৰক্ষা বিভাগৰ এক যুগান্তকাৰী পদক্ষেপ
২০২২ বৰ্ষটো ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ বাবে স্মৰণীয় হৈ ৰ'ব (Ministry of Defence India)। এই বৰ্ষটোত দেশৰ প্ৰতিৰক্ষা বিভাগৰ বৃহৎ সংস্কাৰৰ সূচনা কৰা হয় । তিনিটা সেৱাত নিযুক্তিৰ বাবে অগ্নিপথ আঁচনিখন জুন মাহত আৰম্ভ হয় । ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত মুকলি কৰা হয় ।