অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Gujarat Assembly Polls

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP TEN NEWS AT 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 5, 2022, 7:10 PM IST

Gujarat Assembly Polls: গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি

গুজৰাটত 93 খন বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে ৷ পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 62 শতাংশ ভোটদান সম্পন্ন কৰা হয় (second phase about 62 percent polling)৷

DU Ragging incident : ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে জিম্মাত ল’লে আৰক্ষীয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল ছেত্ৰী (DU ragging incident main accused)

Mithu Agarawala in police custody: 5 দিনৰ আৰক্ষী জিম্মাত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা

5 দিনৰ আৰক্ষীৰ জিম্মাত গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা (Mud scam accused Mithu Agarwala in 5 days police custody)৷

Assam secretariat water supply: অসম সচিবালয়ৰ পানীৰ খৰচ দিব লাগিব জনতাই

অসম সচিবালয়ত খোৱা পানীৰ বাবে একুৱাগাৰ্ডৰ ব্যৱস্থা আছে যদিও 5 টা কোম্পানীৰ পৰা উৎপাদিত খোৱাপানীৰ বাবে নিবিদা আহ্বান কৰা হৈছে ৷ এবছৰীয়া চুক্তি কৰি তাৰ বাবে আবণ্টন দিয়া হ’ব ঠিকা ৷ সচিবালয়ত লাগে 20 লিটাৰৰ 324 টা জাৰ, 500 মিলি লিটাৰৰ 19008 টা বটল আৰু 250 মিলি লিটাৰৰ 17568 টা বটল ৷ আনহাতে নিবিদা দাখিলৰ শেষ তাৰিখ হৈছে 17 ডিচেম্বৰ ৷ এই পানী সচিবালয়লৈ অহাৰ বিনিময়ত খৰচ হোৱা ধন ৰাশি ভৰিব লাগিব সাধাৰণ জনতাই ৷

Education Minister Ranoj Pegu : মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত এন্টি ৰেগিং কমিটিসমূহ শক্তিশালী কৰাৰ নিৰ্দেশ

এতিয়াৰে পৰা শক্তিশালী হ’ব এন্টি ৰেগিং কমিটিসমূহ ৷ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰাবাসত অবৈধভাৱে কোনো প্ৰাক্তন ছাত্ৰ থাকিব নোৱাৰিব ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগীৰ স্বাস্থ্যৰ বুজ লৈ এই কথা জানিবলৈ দিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

Rahul Chetry surrendered; ৰাহুল ছেত্ৰীয়ে আত্মসমৰ্পণ নহয় আত্মপ্ৰকাশহে কৰিছে: মানস কোঁৱৰ

ৰাহুল ছেত্ৰীৰ আত্মসমপৰ্ণৰ পাচতে সৰ্বত্ৰে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ সন্দৰ্ভত এইবাৰ নিজৰ মত প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মানস কোঁৱৰ আৰু জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সমিতি অসমৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে ৷

Moving vehicle burned : গোৰেশ্বৰত হঠাৎ জ্বলি উঠিল এখন চলন্ত বাহন

গোৰেশ্বৰত চলন্ত বাহনত ভয়ংকৰ অগ্নিকাণ্ড (Moving vehicle burned at Goreshwar) । খেৰভৰ্তি মহেন্দ্ৰ পিকআপ ভানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । খৈৰাবাৰীৰ পৰা গোৰেশ্বৰ অভিমুখে আহি থকা অৱস্থাত কেৰ্পাভিটাত সংঘটিত হয় এই অগ্নিকাণ্ডটো (Fire at Goreshwar)। অগ্নিকাণ্ড সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে As01GC 0782 ৷ এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই ৷ চালকৰ বিচক্ষণতাত কাষতে থকা পানীত গাড়ীখন বগৰাই দিয়াত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷

DU Ragging Incident : মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে: চিকিৎসালয়ৰ বিচনাৰ পৰাই ক'লে আনন্দ শৰ্মাই

ৰাহুল ছেত্ৰীয়ে(DU Ragging incident main accused) আত্মসমৰ্পণ কৰাৰ পাছত ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাই ক’লে- ‘‘তেওঁ এতিয়া কৰ্মফল পাব ৷ মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে’’।

সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰথমটো মিউজিক এলবাম 'Sukoon'

চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীয়ে সোমবাৰে তেওঁৰ প্ৰথম অৰিজিনেল মিউজিক এলবাম 'Sukoon' ৰ ঘোষণা কৰে । এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এলবামটো সকলো আগশাৰীৰ ষ্ট্ৰীমিং এপ্পত 7 ডিচেম্বৰত মুকলি কৰা হ'ব ।

Stuntman Suresh: চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত 20 ফুট তলত পৰি ষ্টান্টমেন সুৰেশৰ মৃত্যু

দক্ষিণৰ অভিনেতা বিজয় সেথুপট্টীৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত 20 ফুট উচ্চতাৰ পৰা পৰি এজন ষ্টান্টমেনৰ মৃত্যু । ভেট্ৰি মৰাণৰ ছবি ‘বিদুথালাই’ৰ ছেটত সংঘটিত হয় এই ঘটনা ।

ABOUT THE AUTHOR

...view details