অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Sep 5, 2022, 7:05 PM IST

আস্থা ভোটত হেমন্তৰ জয়: অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধায়ক কিনা বেচাৰ অভিযোগ উত্থাপন

আস্থা ভোটত জয়ী হ’ল হেমন্ত চোৰেণ (Hemant Soren passes Jharkhand trust vote)৷ চোৰেণ বিধানসভা সচিবালয়ৰ দ্বাৰা বিধায়কসকললৈ প্ৰেৰণ কৰা এখন পত্ৰ অনুসৰি নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিছিল ৷

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত লিজ ট্ৰাছ

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হ’ল লিজ ট্ৰাছ ৷ ঋষি চুনাকক পৰাজিত কৰি ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ট্ৰাছ (Liz Truss succeeds Boris Johnson as new British Prime Minister)৷

দক্ষিণ কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

জম্মু কাশ্মীৰৰ ছৌপিয়ানত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী (Encounter breaks out in Shopian) ৷ সেনা বাহিনীৰ যুটীয়া দলটোৱে সন্দেহজনক স্থানৰ ফালে তালাচী তীব্ৰতৰ কৰি তুলিছিল ৷ ইয়াৰ পিছতে উগ্ৰপন্থীয়ে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে ৷

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰীত নিৰ্মাণ হ’ব সেউজ হোটেল প্ৰকল্প

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰীত নিৰ্মাণ হ’ব সেউজ হোটেল প্ৰকল্প ৷ তাজ গ্রুপৰ ইণ্ডিয়ান হোটেল কোম্পানীয়ে বি টি আৰত নিৰ্মাণ কৰিব এই জিঞ্জাৰ ব্ৰেণ্ডৰ বিলাসী হোটেল । পৰ্যটন আৰু দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Tourism Minister Jayanta Malla Baruah) সদৰী কৰে এই কথা ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ বিয়োগ

অসমৰ প্ৰাক্তন মুখ‍্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ তথা সত্ৰাধিকাৰ দেৱকান্ত মহন্তৰ বিয়োগ (Father of Former CM Prafulla Kumar Mahanta died) । মৃত্যুৰ সময়ত দেৱকান্ত মহন্তৰ বয়স আছিল ৯৯ বছৰ ৷

জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুওৱা উচিত নহয় : ময়ূৰ বৰা

নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী (Teachers day celebrated at Ramanujan Junior College) ৷ শিক্ষক দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে লেখক তথা সমালোচক ময়ূৰ বৰাই ।

Bomb blast in Kabul: দুজন ৰাছিয়ান কূটনীতিবিদসহ 20 জন নিহত

আফগানিস্তানৰ ৰাজধানী কাবুলস্থিত ৰাছিয়ান দূতাবাসৰ সমীপত বিস্ফোৰণ(Blast at Russia embassy in Kabul) ৷ বিস্ফোৰণত দুজন ৰাছিয়ান কূটনীতিবিদৰ লগতে প্ৰায় 20 লোক নিহত হোৱাৰ কথা জানিব পৰা হৈছে ৷

ৰাজ্যত গঢ়ি তোলা হ’ব ৪ হাজাৰখন অত্যাধুনিক বিদ্যালয়

ৰাজ্যত গঢ়ি তোলা হ’ব 4 হাজাৰখন অত্যাধুনিক বিদ্যালয় ৷ শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে (Himanta Biswa Sarma at teachers day)৷

চি বি আই বিষয়াৰ আত্মহত্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য মনীষ ছিছোদিয়াৰ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই চিবিআইৰ দুৰ্নীতি বিৰোধী ব্যুৰ'ৰ (Anti Corruption Bureau of CBI) এজন কৰ্মচাৰীৰ আত্মহত্যাৰ বিষয়ে নিজৰ বক্তব্য ৰাখে (suicide of a Anti Corruption Bureau officer) । তেওঁ কয়, ‘‘বিষয়াজনক মোৰ বিৰুদ্ধে অবৈধ আৰু ভুৱা ধৰণে গোচৰ ৰুজু কৰিবলৈ অনুমতি দিবলৈ অন্যায়ভাৱে হেঁচা প্ৰদান কৰা হৈছিল’’ ।

Teachers' Day 2022: শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্কক উপস্থাপন কৰা বলীউড ছবিসমূহ

Teachers' Day 2022: শিক্ষক-শিক্ষাৰ্থীৰ বন্ধনক উদযাপন কৰা ছবিসমূহৰ ওপৰত এক দৃষ্টিভংগী

ABOUT THE AUTHOR

...view details