Assam Police Modernization : কেন্দ্ৰৰ পুঁজি কৰ্তনত বাধাপ্ৰাপ্ত আৰক্ষী আধুনিকীকৰণ প্ৰক্ৰিয়া
ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ তথ্য মতে, ২০২১-২২ চনত আৰক্ষীৰ আধুনিকীকৰণৰ বাবে কেন্দ্রই ২৬.৪০ কোটি টকাৰ অনুমোদন দিছিল (Centre sanctioned 26 crore for police modernization) । ইয়াৰে কেইবা কোটি টকা পাবলৈ আছে যদিও সেই পুঁজি কেন্দ্রই মোকলাই দিব বুলিয়েই বিভিন্ন প্ৰকল্পৰ কাম চলি আছে । কিন্তু চলিত ২০২২-২৩ চনত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ বছৰতকৈ আধাতকৈও বেছি পুঁজি কমাই দিয়াৰ প্ৰস্তাৱ কৰিছে (Central Government proposed to reduce funds in this year) ।
Commonwealth Games 2022 : পাকিস্তানৰ চুলেমান বেলুচক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত শিৱ থাপা
শিৱ থাপাই বেলুচক ৫-০ ব্যৱধানত পৰাস্ত কৰে । ভাৰতৰ শিৱ থাপাই ৰাউণ্ড অব ৩২ ত বেলুচক পৰাস্ত কৰিবলৈ ১০ মিনিটতকৈও কম সময় লয় । শিৱ থাপাই পৰৱৰ্তী ৰাউণ্ডত ২০২১ চনৰ বিশ্ব ব্ৰঞ্জ পদক বিজয়ী স্কটলেণ্ডৰ ৰিজ লিঞ্চৰ মুখামুখী হ'ব (Thapa will face 2021 world bronze medallist Reese Lynch)।
International tiger day: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন বিশ্ব ব্যাঘ্র দিৱস
আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস(International Tiger Day 2022) । ২০১০ চনৰ পৰা বাঘ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি প্ৰতিবছৰে ২৯ জুলাই দিনটো সমগ্ৰ বিশ্বই বিশ্ব বাঘ দিৱস হিচাপে পালন কৰি আহিছে । এই উপলক্ষ্যে ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল(Project Tiger Reserve) মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন কৰা হয় "বিশ্ব ব্যাঘ্র দিৱস" ৷
Raid against cattle syndicate: গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ গোৱালপাৰা আৰক্ষী
গোৱালপাৰাত গৰুৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে (Goalpara police strict action against cattle syndicate)। স্থলপথৰ উপৰিও ব্ৰহ্মপুত্ৰ নৈত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । চৰ চাপৰি অঞ্চলত অভিযান চলোৱাৰ লগতে স্থানীয় লোকসকলক এই ক্ষেত্ৰত সজাগ কৰাৰ চেষ্টা গোৱালপাৰা আৰক্ষীৰ ।
Commonwealth Games 2022 : উদ্বোধনী অনুষ্ঠান মাজভাগতে এৰি গৈ আবদ্ধ হৈ পৰিল লাভলিনা
বৃহস্পতিবাৰে নিশা উক্ত অনুষ্ঠান প্ৰায় দুঘণ্টা ধৰি চলিছিল আৰু লাভলিনাই ভাৰতীয় বক্সিং দলৰ আন এজন সদস্য মুহাম্মদ হুচামুদ্দিনৰ সৈতে আলেকজেণ্ডাৰ ষ্টেডিয়ামৰ পৰা গেমছ ভিলেজলৈ ৩০ মিনিটৰ যাত্ৰাত সোনকালে ৰাওনা হোৱাৰ সিদ্ধান্ত লৈছিল (Lovlina leave Commonwealth Games opening ceremony midway) ।