Leopard terror at Teok : নাহৰফুটুকীৰ ত্ৰাসত ত্ৰস্তমান টীয়কবাসী
টীয়কত নাহৰফুটুকীৰ ত্ৰাস (Leopard terror at Teok) ৷ এইবাৰ টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত ওলাইছে এটা নাহৰফুটুকী ৷ এই নাহৰফুটুকীটোৰ আক্ৰমণত আহত হৈছে দুই বনকৰ্মীসহ প্ৰতিষ্ঠানটোৰ এগৰাকী আৱাসিক মহিলা (Two forester injured in Leopard at Teok)৷ নাহৰফুটুকীৰ আক্ৰমণত আহত দুই বনকৰ্মী ক্ৰমে জিতুমণি বৰা আৰু প্ৰবোধ শইকীয়া বুলি জানিব পৰা গৈছে ।
Pari Rangpi Passes Away: কাৰ্বি আংলঙৰ বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান
কাৰ্বি আংলঙৰ বিশিষ্ট কবি-সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান (Karbi Anglongs eminent litterateur Pari Rangpi passes away) । সোমবাৰে পুৱা ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু ঘটে তেওঁৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৮ বছৰ । পাৰি ৰংপিৰ মৃত্যু বিশ্বাস কৰিব পৰা নাই- পদ্মশ্ৰী ৰংবং তেৰাং ।
Platinum Jublee of ATTSA: আটছাৰ মহাৰজত জয়ন্তী উপলক্ষে ড্ৰাগছ সজাগতাৰ ওপৰত বাইক ৰেলী
গোলাঘাটত সোমবাৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ হৈছে (Platinum Jublee of ATTSA at Golaghat)। মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি ড্ৰাগছৰ বিৰুদ্ধে নৱ প্ৰজন্মক সজাগ কৰিবলৈ আটছাৰ উদ্য়োগত আজি উলিওৱা হয় এক বাইক ৰেলী (Drugs awareness Bike Rally of ATTSA)।
NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ
হিজবুল মুজাহিদিন নিযুক্তি সম্পৰ্কীয় গোচৰৰ ৰায়দান । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অসমৰ বিশেষ আদালতে হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা গোচৰৰ ৰায়দান কৰে । অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহে NIA বিশেষ আদালতে (NIA special court Assam verdict on HM case) ।
Wild Elephant attack: সোণাৰিৰ মঞ্জুশ্ৰী বাগিচাত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু
সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Wild Elephant attack in Sonari) । নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনকৈ যুৱকৰ (Youths killed in an elephant attack) । দেওবাৰে নিশা বৰদিন উদযাপন কৰি ঘৰলৈ উভতি অহাৰ সময়তে মঞ্জুশ্ৰী বাগিচাৰ ১০ নং লাইনত বনৰীয়া হাতীৰ আক্ৰমণ নিহত হয় বিকাশ তাঁতী(১৯) আৰু গোবিন তাঁতী(১৮) নামৰ দুই যুৱকৰ ।