MCD election results 2022 : আপৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ জয়লাভ
অৱশেষত দিল্লী পৌৰ নিগমো নিজৰ দখললৈ নিলে আম আদমি পাৰ্টীয়ে (AAP wins MCD election)। আপৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ জয়লাভ । ৪৩ নং চুলতানপুৰী-A ৱাৰ্ডৰ পৰা জয়ী হ'ল ববি কিন্নৰ ।
Ajmal Controversial Statement : নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে সাংসদ আজমলে
অনুশোচনাত দগ্ধ হৈছে সাংসদ আজমল ৷ হিন্দুক উদ্দেশ্যি অশালীন মন্তব্য কৰি ক্ষমা খুজি ৰক্ষা পোৱা নাই বদৰুদ্দিন আজমলে ৷ সাংসদগৰাকীৰ মন্তব্যত প্ৰকাশ পাইছে এই কথা (Badruddin Ajmal begs apology)৷
Bharat Jodo Yatra in Assam: শিৱসাগৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল
ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা অসমৰ দলটো শিৱসাগৰত উপস্থিত হৈছে (Assam Bharat Jodo Yatra team at Sivasagar)। ৰংঘৰৰ বাকৰিত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান কংগ্ৰেছৰ । চৰকাৰক কঠোৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ ।
DU ragging case : বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদন দাখিলত পলম !
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গঠন কৰি দিয়া উচ্চস্তৰীয় তদন্ত কমিটিয়ে দাখিল কৰিব পৰা নাই ৰেগিং কাণ্ডৰ প্ৰতিবেদন । অহা ২৫ ডিচেম্বৰলৈ প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে (DU inquiry committee to submit report on Dec 25)। আদালতৰ অনুমতি পালে কাৰাগাৰত থকা ৬ গৰাকী ছাত্ৰৰ ভাষ্য গ্ৰহণ কৰা হ'ব ।
Assam special TET 2021: নিযুক্তিৰ দাবীৰে খানাপাৰাত বিশেষ টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ
খানাপাৰাত বিশেষ টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ (Assam TET teacher potest) ৷ 2021 চনত বিশেষ টেট উত্তীৰ্ণ 667গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ (Assam special TET 2021) ৷ প্ৰতিবাদৰ অংশ স্বৰূপে টেট উত্তীৰ্ণ শিক্ষকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে ’দিছপুৰ চলো’ যাত্ৰা আৰম্ভ কৰে যদিও আৰক্ষীৰ বাধাত চচলৰ প্ৰতিবাদস্থলীলৈ যাবলৈ বাধ্য হয় প্ৰতিবাদী শিক্ষকসকল (TET teacher protest in Guwahati) ৷