অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Sep 6, 2022, 5:03 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ওনাম উপলক্ষে দুৱাৰ মুকলি হ’ল সবৰীমালা মন্দিৰৰ

ওনাম উপলক্ষে 6 ছেপ্তেম্বৰৰ বিয়লি 5 বজাৰ পৰা 10 ছেপ্টেম্বৰলৈ ভক্তৰ বাবে খোলা হ’ব সবৰীমালা শ্ৰীধৰ্ম শাস্ত মন্দিৰ (Sabarimala Sreedharma Shastha Temple)৷ ২০২২ চনৰ ৩০ আগষ্টৰ পৰা ২০২২ চনৰ ৮ ছেপ্টেম্বৰলৈ এসপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে এই উৎসৱ ৷

ইংলণ্ডৰ বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনক সম্ভাষণ

ইংলণ্ডৰ বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনক ডাউনিং ষ্ট্ৰীটৰ(Downing Street)১০ৰ বাহিৰত বিদায় সম্ভাষণ । বিদায় ভাষণত জনছনে কয় যে তেওঁৰ যাত্ৰা এক ৰিলে দৌৰ আছিল য'ত তেওঁলোকে নিয়মসমূহ আধাবাটতেই সলনি কৰিছিল । উল্লেখ্য যে আজি লিজ ট্ৰাছক কনজাৰ্ভেটিভ পাৰ্টীৰ নতুন মুৰব্বী হিচাপে ঘোষণা কৰা হয়(Liz Truss announced new head of Conservative Party) ।

চিনেমাৰ দৰে মাজ ৰাস্তাৰ পৰাই টকা লৈ উধাও হ’ল ডকাইত

এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা (Sensational robbery case) ৷ চিনেমাৰ দৰে ভিলেইন স্বৰূপ ডকাইতে আহি মাজ ৰাস্তাৰ পৰাই এজন লোকৰ পৰা কাঢ়ি লৈ গ’ল কেইবাহাজাৰ টকা ৷ এইবাৰ এই চিনেমাৰ দৰে ডকাইতি কাণ্ডটো শনিবাৰে সংঘটিত হয় আমেৰিকাৰ অন্যতম বিখ্যাত চহৰ নিউয়ৰ্কত (Robbery in broad daylight in New York) ৷ এই ডকাইতিকাণ্ডৰ সমগ্ৰ দৃশ্যাংশ ভাইৰেল হৈছে এতিয়া সামাজিক মাধ্যমত ৷

মৰিগাঁৱত খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন জিলা উপায়ুক্তৰ

মৰিগাঁৱৰ খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত জিলা উপায়ুক্ত দেবাশীষ শৰ্মা(Morigaon DC Debashis Sarmah) । মৈৰাবাৰীৰ মৌৱামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখনীয়া আৰু বৰচাপৰি ভজাইখাইতি গৰাখনীয়া এলেকা পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে(Morigaon DC visits erosion areas) ।

ভদীয়া বানৰ কৱলত জোনাইবাসী

ভদীয়া বানে ৰাজ্যবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে (Flood affects Assam)। ৰাজ্যৰ বহু প্ৰান্তত বানে কালৰূপ ধাৰণ কৰিছে । বাকী অঞ্চলবোৰৰ লগতে দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ কেইবাখনো গাঁও (Flood in Jonai)।

ক্ৰিকেটক বিদায় জনালে সুৰেশ ৰাইনাই

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ভৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ৷ ২০২০ চনৰ ১৫ আগষ্টত এম এছ ধোনীৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছিল ৰাইনাই ৷

মুকলিৰ পূৰ্বেই জহি খহি গৈছে কোটি টকীয়া ৰাস্তা

দৰঙৰ দলগাঁৱত এটা পথ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী (Road construction corruption)। পথটো মুকলি কৰাৰ পূৰ্বেই ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত । ঠিকাদাৰৰ হেমাহিৰ বাবে পথৰ দুৰৱস্থা এনে হোৱাৰ অভিযোগ ৰাইজৰ ।

গা ধুবলৈ গৈ দেৱালয়ৰ পুখুৰীত নিখোজ লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী

নলবাৰীৰ বালিলেছা কালী দেৱালয়ৰ(Balilesha Kali Mandir) পুখুৰীত গা ধুবলৈ গৈ নিখোজ থিয়েটাৰৰ নৃত্য শিল্পী (Theatre artist missing in Nalbari)। নিখোজ শিল্পীগৰাকী লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী কণ দাস (২৬) ৷ শিল্পীগৰাকীৰ ঘৰ বজালী জিলাৰ সৰুপেটাত ৷

পুৱাই বোকাখাত চাহ বাগিচাত উতপ্ত পৰিস্থিতি

কৰম পূজাৰ বন্ধক লৈ বোকাখাত চাহ বাগিচাত পুৱাই আটছাৰ তীব্ৰ প্ৰতিবাদ(Protest in Bokakhat over Karam Puja holiday) । বাগিছা কৰ্তৃপক্ষৰে বাকযুদ্ধত লিপ্ত হয় আটছা কৰ্মী । আটছাৰ দাবী মানি নোলোৱাত হতাহতিও হোৱা দেখা গ'ল দুয়োপক্ষৰ মাজত ।

শক্তি বিভাগৰ ভেঁকোভাওনা: খুঁটা পুতিও নিদিলে বিদ্যুৎ সংযোগ

ৰাজ্যৰ শক্তি বিভাগৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে । এইবাৰ শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিলাসীপাৰাৰ এটা অঞ্চলৰ ৰাইজে । চাৰি বছৰ পূৰ্বে খুঁটা পোতাৰ পাছতো আজি পৰ্যন্ত নিদিলে বিদ্যুৎ সংযোগ(No electricity connection in Bilashipara) ।

ABOUT THE AUTHOR

...view details