স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী । অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে (Assam CM hoisted flag at Khanapara)। পতাকা উত্তোলনৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আম্বানী পৰিয়ালক পুনৰ ভাবুকি দুৰ্বৃ্ত্তৰ
ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ(Reliance Foundation Hospital) ফোন অচিনাক্ত দুৰ্বৃত্তৰ ৷ ফোনত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পৰিয়াললৈ দুৰ্বৃ্ত্তৰ ভাবুকি ৷ ঘটনা সন্দৰ্ভত ডিবি মাৰ্গ আৰক্ষী থানাত দাখিল অভিযোগ (DB Marg police station) ৷
বাক্সাত জিলা উপায়ুক্তই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলা সদৰ মুছলপুৰতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় (76th Independence day of India) । মুছলপুৰ বাথৌগুৰী ক্ৰীড়া কমপ্লেক্স খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (76th independence day celebration In Baksa) ।
বিশ্বনাথত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ইউ জি ব্ৰহ্মই
দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথতো উলহ-মালহৰে উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Independence Day at Biswanath) । বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে কাছাৰী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ হস্তঁতাত,বস্ত্ৰ আৰু ৰেচম, বড়োলেণ্ড উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Minister U G Brahma hoisting the national flag) ।
ধেমাজিত উলহ মালহৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
সমগ্ৰ দেশৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত উলহ মালহে 76 সংখ্যক স্বাধীনতা দিৱস পালন কৰে (76th Independence Day at Dhemaji) ৷ প্ৰথমে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু তাৰপাছত ধেমাজি মহাবিদ্যালয়ৰ শ্বহীদ স্মৃতি স্তম্ভত মাল্যাৰ্পণ কৰাৰ পিছতে পুৱা ৯ বজাত কাছাৰী ময়দানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই (DC Ashim Kumar Bhattacharya hoisting the national flag) ৷