Majuli Raas : ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰে কৰা হৈছে Covid test
ক’ভিড কালতো চৰকাৰৰ নীতি-নিৰ্দেশনাৰে বৃহস্পতিবাৰৰ পৰা উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে কৰা হৈছে সম্পূৰ্ণ সা-সুবিধা ৷
Rass Festival : নিমাওমাও নলবাৰী হৰি মন্দিৰৰ বাকৰি
কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি বাতিল কৰা নলবাৰীৰ ৰাস মহোৎসৱ ৷ যাৰ বাবে সামাজিক মাধ্যমত কঠোৰ সমালোচনা হোৱা দেখা গৈছে ৷ কিন্তু কি কাৰণে উদযাপন কমিটিয়ে ৰাস মহোৎসৱ বাতিল কৰিলে, সেয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে হৰি মন্দিৰৰ সাধাৰণ সম্পাদক নগেন ডেকাই ৷
পানীত হাঁহ নচৰাৰ অৱস্থা ৬৪ খন বিদ্যালয়ৰ ১৪১ গৰাকী চিনিয়ৰ মাদ্ৰাছা শিক্ষকৰ
বিগত 9 মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে সমগ্ৰ অসমৰ 141 গৰাকী ছিনিয়ৰ মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক ৷ উল্লেখ্য যে 2010 চনত হাইস্কুল ঠিকাভিত্তিত শিক্ষকসকলৰ লগতে এই সকল ছিনিয়ৰ মাদ্ৰাছা ঠিকাভিত্তিত শিক্ষকসকলকো একে প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হৈছিল । ইফালে 2020 চনৰ জুলাই মাহৰ পৰা আৰ অ' পি (ROP) অনুযায়ী হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলে দৰমহাৰ লগতে অন্যান্য সা-সুবিধা সমুহো লাভ কৰিছে ।
CM in Majuli : ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰকাৰী লৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ
মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক কৃতজ্ঞতা অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ফেৰী দুৰ্ঘটনা(Ferry Accident)ত পতিতসকলৰ উদ্ধাৰত সহযোগিতা আগবঢ়োৱা লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ লগতে চলিত বৰ্ষত ৰাস উদযাপন বাবে তেওঁ মাজুলীৰ 59 খন ৰাসমঞ্চলৈ 50 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে ৷
Tripura Civic Poll : নিৰ্বাচনৰ পূৰ্বে SEC লৈ স্মাৰক পত্ৰ ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীৰ
ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । যাৰ বাবে নিৰ্বাচন আয়োগৰ কাষ চাপিছে বাওঁ মৰ্চা দল । কেইবাটাও দাবীৰে ইতিমধ্যে দলটোৱে নিৰ্বাচন আয়ুক্তক প্ৰদান কৰিছে এক স্মাৰক পত্ৰ ।