অসম-অৰুণাচলৰ সম্প্ৰীতিৰ বাবে কাম কৰি যাম : নীলিম মহন্ত
অৰুণাচল সচিবালয়ৰ দেৱালত NO MORE DAMS শীৰ্ষক ছবি অংকন কৰাৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীৰ ৰোষত পৰিছিল চিত্ৰশিল্পী নীলিম মহন্ত ৷ মঙলবাৰে সন্ধিয়া জামিনত মুক্তি লাভ(Nilim Mahanta granted bail) কৰে শিল্পীগৰাকীয়ে ৷ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতে অসম-অৰুণাচলৰ সম্প্ৰীতিৰ হকে কাম কৰি যোৱাৰ সদিচ্ছা প্ৰকাশ কৰে শিল্পী মহন্তই ৷
প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিল মেক্সিকোৰ বিদেশ মন্ত্ৰী
দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ভাৰতত উপস্থিত মেক্সিকোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবন (Mexican Foreign Minister arrives in India)। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা হ'ব । মেক্সিকো হৈছে লেটিন আমেৰিকাৰ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ ।
Pakistan political crisis : মিত্ৰদলে বিপদত পেলালে ইমৰান খানৰ চৰকাৰক
পাকিস্তানৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ইমৰান খানৰ চৰকাৰে (PTI government loses majority in lower House)। মিত্ৰদল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তান আৰু বিৰোধী পাকিস্তান পিপলছ পাৰ্টিৰ মাজত হোৱা মিত্ৰতাই বিপদত পেলালে ইমৰান খানৰ পিটিআই দলক । ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত সফল হ'বলৈ বিৰোধীক নিম্ন সদনৰ ১৭২ গৰাকী সদস্যৰ দৰকাৰ । লক্ষণীয়ভাৱে MQM দলে ইমৰান খানৰ সংগ এৰাৰ লগে লগে বিৰোধীৰ সদস্য হ'লগৈ ১৭৭ গৰাকী ।
শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বৰঙাজুলি চাহ বাগিচা
28-29 মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছিল সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নে ৷ যাৰ অংশ হিচাপে বৰঙাজুলি চাহ বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ(Tea workers protest in Borengajuli Tea estate) সাব্যস্ত কৰে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদত বহিল AJYCP
ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য (Price hike in Assam) ৷ যাৰ ফলত বিপাঙত পৰিছে সৰ্ব-সাধাৰণ ৰাইজ ৷ মঙলবাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ (Price hike in daily use commodities) বিৰোধিতাৰে যোৰহাটৰ বি অ' চি পইন্টত প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP protest in Jorhat) ৷