অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - Tripura financial budget

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Mar 18, 2022, 1:02 PM IST

Tripura financial budget 2022-23: প্ৰায় ২৬,৮৯২ কোটি টকাৰ কৰ মুক্ত বাজেট দাখিল ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা চৰকাৰৰ বিত্তীয় বাজেট দাখিল (Jishnu Dev Verma submits state financial budget)। বিত্ত মন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই দাখিল কৰিলে ২৬৮৯২.৬৭ কোটি টকাৰ কৰ মুক্ত ৰাজ্যিক বিত্তীয় বাজেট । ১০০০ কোটি টকাৰ 'সুৱৰ্ণ জয়ন্তী ত্ৰিপুৰা নিৰ্মাণ যোজনা' নামৰ এক নতুন আঁচনি ঘোষণা ত্ৰিপুৰা চৰকাৰৰ ।

Budget session of Tripura Assembly : বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ত্ৰিপুৰা বিধানসভাৰ অধিৱেশন প্ৰথম দিনটোতে বিৰোধীৰ সদন ত্যাগ (Opposition MLAs walk out of budget session in Tripura)। ৰাজ্যপালনৰ ভাষণ নুশুনাকৈয়ে সদন ত্যাগ কৰিলে বিৰোধীয়ে । ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপালৰ নীৰৱ ভূমিকাৰ অভিযোগ বিৰোধীৰ ।

দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ উদযাপন ফল্গুৎসৱ

সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰৰ পৰা দবা, শংখ ধ্বনি আৰু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰ হৈ আছে মাজুলীৰ চৌপাশ (Holi celebration in Majuli) ৷ বৃহস্পতিবাৰৰ পৰা দক্ষিণ পাট সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ফল্গুৎসৱ (Holi festival celebrate in Majuli)।

নাৰায়ণপুৰ হাইস্কুলত অগ্নিকাণ্ডত জাহ গ’ল মূল্যবান সামগ্ৰী

মুকালমুৱাৰ নাৰায়ণপুৰ হাইস্কুলত অঘটন ৷ বৃহস্পতিবাৰে নাৰায়ণপুৰ হাইস্কুলত সংঘটিত এক এক অগ্নিকাণ্ডৰ ঘটনা (Fire broke out at Narayanpur high school) ৷ জুইত জাহ যায় বিদ্যালয়ৰ বহি নথি-পত্ৰ আৰু আচবাব ৷

ফল্গুৎসৱ উপলক্ষে উখল মাখল পৰিৱেশ বটদ্ৰৱা থানৰ বাকৰিত

পাঁচদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰঙৰ উৎসৱ ফাকুৱা (Holi festival celebrate at Batadrava) । ফল্গুৎসৱ উপলক্ষে উখল মাখল হৈ পৰিছে বিৰাজ কৰিছে বটদ্ৰৱা থানত ।

অধিক তীব্ৰতৰ হৈছে পৰিবহন বিভাগৰ অল আউট অভিযান

বেতকুছি-পানবজাৰ-ৰাণী-পামহীৰ ৰাজপথত সহস্ৰাধিক বাহনত পৰিবহন বিভাগৰ তালাচী (Operation in vehicles by transport department) । ১৪ খন বাহন জব্দ, ২০০ ৰো অধিক গোচৰ ৰুজু । শিক্ষা প্ৰতিষ্ঠানকে ধৰি ব্যৱসায়ীক বাহনৰ গৰাকী, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থালৈ চূড়ান্ত সকীয়নি ।

Rajya Sabha election: কংগ্ৰেছে থ্ৰি লাইন হুইপ দিলেও জিকিম আমিয়েই: পীযুষ হাজৰিকা

সমাগত ৰাজ্যসভা নিৰ্বাচনকলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ(Political parties are gearing up for upcoming Rajya Sabha elections) ৷ ইতিমধ্যে কংগ্ৰেছৰ দুই নেতাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ ৷ লগতে জাৰি কৰিব থ্ৰি লাইন হুইপ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika reacts to three line whip) ৷'

Vicky Katrina latest pictures: বাৰ্থডে’ পাৰ্টীত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল বিন্দু বিকী-কেটৰিণা

ধৰ্ম প্ৰডাকচনৰ CEO অপূৰ্ব মেহতাৰ বাৰ্থডে’ পাৰ্টীলৈ হাতত হাত ধৰি আহিল বিকী-কেটৰিণা ৷ নৱ দম্পতীৰ এই ভাইৰেল ভিডিঅ’ চাই দুয়োৰে অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰিছে (Vicky Katrina latest updates) ৷

Rajya Sabha election: কংগ্ৰেছে সংগ্ৰহ কৰিলে মনোনয়ন, জাৰি কৰিব থ্ৰি লাইন হুইপ

সমাগত ৰাজ্যসভা নিৰ্বাচনকলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ(Political parties are gearing up for upcoming Rajya Sabha elections) ৷ সাজু হৈছে কংগ্ৰেছ দলো ৷ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব নে নাই তাক লৈ চলিছে ব্যাপক চৰ্চা ৷ ইতিমধ্যে কংগ্ৰেছৰ দুই নেতাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ ৷

কংগ্ৰেছত খহনীয়া: পাৰ্থপ্ৰতিম বৰাৰ দলত্যাগ

কংগ্ৰেছত ব্যাপক খহনীয়া ৷ নিতৌ দল ত্যাগ কৰিছে ইজনৰ পিছত সিজন নেতাই ৷ এইবাৰ কংগ্ৰেছক চিৰ বিদায় দিলে দলটোৰ এজন অত্যন্ত প্ৰভাৱশালী যুৱ নেতাই ৷

ABOUT THE AUTHOR

...view details