Pele health Updates: শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ প্ৰতি ইতিবাচক সঁহাৰি পেলেৰ
তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলে কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে (Pele suffering from Cancer)। শেহতীয়া ২৪ ঘণ্টাত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই বুলি শনিবাৰে এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়খনে জনায় । মঙলবাৰৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮২ বছৰীয়া পেলে ।
Dibrugarh ragging case : পৃথককৈ ৰখা হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত হোষ্টেল আবাসীক
ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া (Reactions across Assam on ragging) । সমানে সমানে দ্ৰুতগতিত চলিছে তদন্ত প্ৰক্ৰিয়া । ইয়াৰ মাজতে এই ঘটনাৰ তদন্ত সন্দৰ্ভত সংবাদমেলযোগে প্ৰক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে (Registrar of DU reacts to ragging) ৷
FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা-নেডাৰলেণ্ডৰ
ফিফা বিশ্বকাপৰ গ্ৰুপ 16 পৰ্যায়ৰ দুখন খেলত আৰ্জেন্টিনাই অষ্ট্ৰেলিয়াক আৰু নেডাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিছে ৷ শনিবাৰে কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয়খনখেলত মুখামুখি হ’ব দুয়োটা দল (Netherlands to face Argentina in quarter final) ৷
DU ragging controversy: গ্ৰেপ্তাৰ হোৱা ৬ জনেই জড়িত ৰেগিং কাণ্ডৰ সৈতে, এছ পি শ্বেতাংক মিশ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰে জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬জনক (accused of DU ragging incident) । কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই মূল অভিযুক্ত ৰাহুল ছেত্ৰী । ৰেগিং কাণ্ডৰে জড়িতসকল সাৰি নাযায় বুলি মন্তব্য ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ (Dibrugarh University ragging case) ।
Badruddin Ajmal Controversy: বদৰুদ্দিন আজমলক ধুৰন্ধৰ ব্যৱসায়িক ৰাজনীতিবিদ আখ্যা এজেপিৰ
বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা AIUDF ৰ নেতা মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্য তথা দেশৰ জনগণ (Badaruddin Ajmal controversial statements) ৷ আনকি বিভিন্ন জনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়াও ৷ এই সন্দৰ্ভত এইবাৰ মৌলানা আজমলক কটু সমালোচনা কৰে নগাঁও জিলাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বণিয়াই ৷