Assam Book Fair : আজিৰে 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা
আজিৰে পৰা 13 নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair To Be Held At Dhemaji)৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত 100 ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷
Urea Fertilizer seized : হাইলাকান্দিত জব্দ অবৈধ সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক
ৰাজ্য়ত অব্য়াহত ইউৰিয়া সাৰৰ চোৰাং বেহা (Urea Fertilizer Smuggling in Assam) ৷ ইয়াৰ মাজতে হাইলাকান্দিত জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি এখন ট্ৰাক । বৃহস্পতিবাৰে নিশা আলগাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আলমতে হাইলাকান্দি জিলাৰ আলগাপুৰ আৰক্ষী চকীৰ সম্মুখত চলাই এক অভিযান ৷ এই অভিযানতে নথি পত্ৰ বিহীন AS 25 B 2671 নম্বৰৰ এখন সাৰভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷
Government policy on Assam-Meghalaya border : চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ
অসম-মেঘালয় সীমান্তৰ(Assam-Meghalaya border) এক বৃহৎ ভূখণ্ড মেঘালয়ে দখল কৰাৰ লগতে বিবাদিত অঞ্চল হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ ইয়াকে লৈ বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল ডিফু ৷
DAC Election 2022: মাজুলীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভৱেশ কলিতাৰ প্ৰচাৰ
অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)। বৃহস্পতিবাৰে ৯ নং মাজুলী পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীৰ হৈ প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita )।
PDS rice scam at Silapathar : চিলাপথাৰত সমবায় এজেন্টে সুলভ মূল্যৰ চাউল আত্মসাতৰ অভিযোগ
চিলাপথাৰৰ অন্তৰ্গত মুক্তিয়াৰ সমবায় সমিতিত বুজন পৰিমাণৰ সূলভ মূল্যৰ চাউল আত্মসাতৰ এটা ঘটনা পোহৰলৈ আহিছে (PDS rice scam at Silapathar)। খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক যোগান ধৰা চাউল যোৱা দুটা মাহে হিতাধিকাৰীক আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷