গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ
শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া (GMC election 2022 voting start) । পুৱাৰে পৰা ভোটদান কেন্দ্ৰত ভোটাৰসকলে ভিৰ কৰা দেখা গৈছে । ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটদান অনুষ্ঠিত হৈছে ।
তেজপুৰত পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস উদযাপন
তেজপুৰত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস পালন(Sahitya Kandari Padmanath Gohain Baruah) ৷ আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ অন্যতম আছিল পদ্মনাথ গোহাঞিবৰুৱা । তেখেত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল ৷
ডিফুত প্ৰায় ২০৬৫ পৰিয়ালে যোগ দিলে বিজেপিত
ডিফুত বিভিন্ন দলৰ প্ৰায় ২০৬৫ পৰিয়ালৰ বিজেপিত গণ যোগদান (Many party workers joined in BJP at Diphu) । উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং (KAAC CEM Tuliram Ronghang)৷
মইনবড়ীৰ জয়পুৰ বজাৰত জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ
মইনবড়ীৰ জয়পুৰ বজাৰত বৃহস্পতিবাৰে নিশা জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ (Illegally Smuggling Rice and peas in Barpeta)। অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ ঘৰৰ পৰা ই-ৰিক্সাৰে বজাৰলৈ লৈ যোৱাৰ সময়ত ৰাইজে জব্দ কৰে ৬ বস্তা চাউল আৰু ২ বস্তা মটৰ । আৰক্ষী আৰু সাংবাদিক উপস্থিতিত ঘটনাস্থলীৰ পৰা পলায়ন কৰে হাফিজুৰ ৰহমান আৰু আমানুৰ নামৰ দুই ব্যক্তি ৷
তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী
জিগনেশৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে (court rejects Jignesh Mevani's bail petition ) ৷ তিনি দিনৰ আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী (three days police custody for Jignesh mevani) ৷