World TB Day: যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত দুখন জিলাই গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ
বিশ্ব যক্ষ্মা দিৱসে অসমৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ । যক্ষ্মা মুক্ত স্থিতিৰ দিশত "ব্ৰঞ্জ" পদৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুখন জিলা(Sub-National Certification towards TB Free Status) ৷ 24 মাৰ্চত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক প্ৰদান কৰিব এই বঁটা ।
আমগুৰিত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ
আমগুৰিৰ দুখনকৈ গাঁওৰক্ষী বাহিনীৰ বৃহৎ সফলতা ৷ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষ্যাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী (Psychotropic substances seized at Amguri)৷
বিহুৰ মাজতে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ সৰৱ প্ৰদেশ কংগ্ৰেছ
১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৷ ২১ এপ্ৰিলত সম্পূৰ্ণ হ'ব ভোটগণনা ৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণাকলৈ সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছ ৷ বিহুত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছৰ (APCC reacts to holding GMC elections between Bihu) ৷
Woman killed in Guwahati: যৌতুকৰ বাবেই স্বামীয়ে হত্য়া কৰিলে পত্নীক !
স্বামীগৃহত নিৰ্যাতিত গীতাশ্ৰী হাজৰিকা তালুকদাৰ জিএমচিএইচত মৃত্যু ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া গীতাশ্ৰীয়ে । মহানগৰীৰ ফটাশীল আমবাৰীৰ চেগুনবাৰীত যৌতুকৰ বাবেই পত্নীক হত্যাৰ অভিযোগ ।
প্ৰশিক্ষণ শিবিৰত নিম্নমানৰ খাদ্য যোগান: বৰপেটাত শিক্ষকৰ প্ৰতিবাদ
শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ প্ৰশিক্ষণৰ সময়ত নিম্নমানৰ খাদ্য যোগানৰ বাবে শিক্ষা বিষয়াৰ বিৰুদ্ধে বৰপেটাত শিক্ষকৰ প্ৰতিবাদ ৷ বিগত চাৰি বছৰ ধৰি নিৰঞ্জন ওজা নামৰ শিক্ষা বিষয়াজনে শিক্ষকসকলৰ নামত ধাৰ্য কৰা যাতায়াত খৰচৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৷