অসম

assam

By

Published : May 31, 2022, 1:01 PM IST

ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

ত্ৰিপুৰাত উপ নিৰ্বাচনৰ (Tripura by election) পূৰ্বে ৰাজনৈতিক হিংসাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক ৰতন ভৌমিকৰ (attack alleged by BJP backed goons) ৷

কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য স্থাপনেৰে দৃষ্টি আকৰ্ষণ মহানগৰীৰ যুৱতীৰ

প্ৰতিভাৰ অভাৱ নাই এইখন অসমত । বিভিন্নজনে বিভিন্ন কৰ্মৰে জিলিকিছে স্ব-স্থানত । এইবাৰ কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য স্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ এগৰাকী যুৱতীয়ে(Sculpture art in woodpencil) ।

২ জুনত বিজেপিত যোগদান কৰিব হাৰ্ডিক পেটেলে

২ জুনৰ ভিতৰত গেৰুৱা বসন পিন্ধিব প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্ডিক পেটেলে (Hardik Patel to join BJP) । মঙলবাৰে তেওঁ স্পষ্ট কৰে এই কথা । কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল পাতিদাৰ আন্দোলনৰ নেতাগৰাকীয়ে ।

AAMSU protest : লখিমপুৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আমছুৰ গৰ্জন

সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ ৷ বান, গৰাখহনীয়া, শিক্ষা, স্বাস্থ্য, যাতায়াতৰ লগতে বিভিন্ন ক্ষেত্ৰত সংখ্যালঘুসকলক বঞ্চিত কৰাৰ অভিযোগত নাওবৈচাৰ লালুক-বিহপুৰীয়া ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা আমছুৱে (AAMSU protest in Lakhimpur) ৷

খোৱা পানীৰ অভাৱত ডিমা হাছাওত হাহাকাৰ

ৰুষ্ট প্ৰকৃতিয়ে ধ্বংসস্তুপত পৰিণত কৰা ডিমা হাছাওত এতিয়া খোৱাপানীৰ অভাৱত হাহাকাৰময় পৰিস্থিতি । ভূমিস্খলন আৰু বানৰ তাণ্ডৱত(Landslide and flood effects in Dima Hasao) জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু কোটিটকীয়া প্ৰকল্প সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ ফলত পানী যোগান বন্ধ হৈ পৰে(Water supply stopped at Dima Hasao) । যাৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে লোকসকল ।

সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন

দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পবিত্ৰ স্মৃতিত তেজপুৰত বাণিজ্য দিৱস উদযাপন (Commerce Day celebrated in the memory of Bholanath Baruah) ৷ ভোলানাথ বৰুৱা প্ৰথমগৰাকী ব্যক্তি, যিয়ে ইংলেণ্ডৰ ৰাণীক অনুৰোধ কৰি ৰাজ্যত ৰে'লৰ প্ৰচলন কৰাৰ লগতে লো, টিনপাতৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এক ব্যৱসায়ৰ ধাৰা সৃষ্টি কৰিছিল ৷

75th years of independence : আজি ৰাজ্যৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ৰাজ্যৰ বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM modi to be interacts with beneficiaries) ৷ আজাদী কা অমৃত মহোৎসৱ(75th years of independence) ৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

CPIM files complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে আদৰ্শ আচৰণবিধি উলংঘাৰ অভিযোগ

ত্ৰিপুৰাত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত চিপিআইএমে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ(CPIM files complaint against PM Modi) উত্থাপন কৰিছে ৷

26 তম বিবাহ বাৰ্ষিকীত পত্নী তানিয়াৰ সৈতে অন্তৰংগ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰিলে ববী দেউলে

বিয়াৰ 26 টা বৰ্ষ সম্পূৰ্ণ কৰিলে অভিনেতা ববী দেউলে ৷ এই শুভ ক্ষণত অভিনেতাজনে পত্নী তানিয়াৰে সৈতে কিছু ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছে ৷

Laal Singh Chaddha : লাল সিং চাড্ডাৰ অংশ আছিল চেইফ-কৰীণা পুত্ৰ জেহ !

লাল সিং চাড্ডা ছবিখন কৰীণা কাপুৰৰ বাবে সদায়ে বিশেষ হৈ ৰ’ব (Laal Singh Chaddha Kareena Kapoor) ৷ এই ছবিৰে অংশ আছিল চেইফ-কৰীণা পুত্ৰ জেহ ৷

ABOUT THE AUTHOR

...view details