বঙাইগাঁও, 9 এপ্ৰিলঃ বঙাইগাঁও জিলাৰ নাককাটি পাহাৰত ৰাইজৰ জালত পৰে তিনিজনকৈ অভিযুক্ত চোৰাং চিকাৰী । অভিযোগ অনুসৰি বঙাইগাঁও সদৰৰ সমীপৱৰ্তী ঐতিহাসিক নাককাটি , ভৈৰৱচূড়া আৰু ভূমেশ্বৰ পাহাৰত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ দৌৰাত্ম্য । শেহতীয়াকৈ পাহাৰখনত থকা শৰপহু, বন গাহৰি, বনৰৌ আদিকে ধৰি বিভিন্ন প্ৰাণী চোৰাং চিকাৰীৰ কবলত পৰিছে । চিকাৰীৰ দলে দৈনিক জাল, ধনুকাড়, ফাণ আদিৰে বিভিন্ন আপুৰুগীয়া প্ৰাণী হত্যা কৰি আহিছে ।
ৰাইজে আটক কৰিলে তিনিজনকৈ চোৰাং চিকাৰীক - প্ৰদীপ মাৰাক
বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ নাককাটি পাহাৰত ৰাইজৰ জালত পৰে তিনিজনকৈ অভিযুক্ত চোৰাং চিকাৰী । আটকাধীন লোক তিনিজনক সম্প্ৰতি অভয়াপুৰী বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে ।
![ৰাইজে আটক কৰিলে তিনিজনকৈ চোৰাং চিকাৰীক three poacher arrested in bongaigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6727016-107-6727016-1586434280497.jpg)
three poacher arrested in bongaigaon
নাককাটি পাহাৰত ৰাইজে আটক কৰে তিনিজনকৈ অভিযুক্ত চোৰাং চিকাৰী
এনে অৱস্থাত বৃহস্পতিবাৰে নাককাটি পাহাৰৰ নামনিৰ দেৱাণগাঁৱৰ একাংশ লোকে, তিনিজন অভিযুক্তক আবদ্ধ কৰি বন বিভাগৰ হাতত গতাই দিয়ে । অভিযুক্ত তিনিজন ক্ৰমে খগৰপুৰৰ বাঘপাৰাৰ ইন্দ্ৰাচ চাংমা, প্ৰদীপ মাৰাক আৰু ইন্টাৰ মাৰাক বুলি জানিব পৰা গৈছে । সম্প্ৰতি আটকাধীন লোক তিনিজনক অভয়াপুৰী বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে ।