বঙাইগাঁও,27আগষ্টঃ উত্তৰ শালমাৰা মহকুমাধিপতি পল্লৱী সৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী হিমানী অধিকাৰী ৷ বিজেপি নেত্ৰীগৰাকীক মহকুমাধিপতিৰ কাৰ্যালয়ৰ কক্ষত অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তদুপৰি আৰক্ষী লগাই মহকুমাধিপতি পল্লৱী সৰকাৰে বিজেপি নেত্ৰীগৰাকীক কাৰ্যালয় কক্ষৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰে হিমানী অধিকাৰীয়ে ৷
জানিব পৰা মতে, ৰাইজৰ কিছু সমস্যা সন্দৰ্ভত মহকুমাধিপতিগৰাকীৰ সৈতে আলোচনা কৰিবলৈ যাওঁতেই লিখিতভাৱে সমস্যাসমূহ বিচৰাৰ লগতে বিভিন্ন কটু মন্তব্য কৰে মহকুমাধিপতি পল্লৱী সৰকাৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিজেপি নেত্ৰীগৰাকীয়ে মহকুমাধিপতিগৰাকীৰ বিৰুদ্ধে অভয়াপুৰী থানাত এখন এজাহাৰ দাখিল কৰে ৷