অসম

assam

ETV Bharat / state

আন্দোলনৰ ভাবুকি দি আটক হ’বলগীয়া হ’ল টেট উত্তীৰ্ণ

চাকৰি প্ৰদানৰ দাবীৰে ভাবুকি দি আটক হ’বলগীয়া হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ টেট উত্তীৰ্ণ ৷ হোৱাটচএপ যোগে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ বাৰ্তা প্ৰেৰণ কৰিছিল টেট উত্তীৰ্ণসকলে (Tet passed youth detained)৷

Tet passed youth detained
আন্দোলনৰ ভাবুকি দি আটক হ’বলগীয়া হ’ল টেট উত্তীৰ্ণ

By

Published : Aug 21, 2022, 10:53 PM IST

গোলাঘাট/মাণিকপুৰ, 21 আগষ্ট: টেট উত্তীৰ্ণ শিক্ষক সমাজৰ হৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ হোৱাটচএপ যোগে বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ টেট উত্তীৰ্ণ ৷ টেট উত্তীৰ্ণৰ হৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ভাবুকি দিছিল এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে (TET passed candidates whatsapp messages)৷

আন্দোলনৰ ভাবুকি দি আটক হ’বলগীয়া হ’ল টেট উত্তীৰ্ণ

ইয়াৰে কেইবাজনকো ইতিমধ্য আটক কৰিছে আৰক্ষীয়ে (Tet passed youth detained)৷ দেৰগাঁৱত আৰক্ষীয়ে সোধপোছ কৰি আছে চাৰিগৰাকী টেট উত্তীৰ্ণক । ইয়াৰে দেৰগাঁও থানাই দুগৰাকী আৰু কমাৰগাঁও থানাই দুগৰাকী টেট উত্তীৰ্ণক সোধ-পোছৰ বাবে আনিছে থানালৈ । আৰক্ষীৰ Cyber Department য়ে অব্যাহত ৰাখিছে সোধ-পোছ । টেট উত্তীৰ্ণ চাৰিগৰাকী যুৱক-যুৱতীক হ'ল পিংকি দলে(নাককাটি), ৰুবলী বৰা(লেমচাপৰি চমুৱা গাঁও), চোনা কুটুম আৰু টুটু লয়িং (ধনশিৰী টেমেৰা গাঁও)।

আন্দোলনৰ ভাবুকি দি আটক হ’বলগীয়া হ’ল টেট উত্তীৰ্ণ

আনহাতে বঙাইগাঁৱতো আটক কৰে হয় এজন টেট উত্তীৰ্ণ প্ৰাৰ্থীক ৷ আটকাধীন প্ৰাৰ্থীজন ২নং জামদহাৰ প্ৰসেনজিৎ মাল্লা । চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ আন্দোলনৰ ভাবুকি দিছিল প্ৰাৰ্থীজনে (Threatened of protest by TET passed youth) । মাণিকপুৰ আৰক্ষীয়ে সোধ-পোছৰ অন্তত যাবলৈ দিয়ে প্ৰাৰ্থীজনক ৷

লগতে পঢ়ক:যোগীক শিৰচ্ছেদ কৰিব পাৰিলে দুই কোটি টকাৰ পুৰস্কাৰ ঘোষণা

ABOUT THE AUTHOR

...view details