অসম

assam

By

Published : Jul 27, 2021, 1:24 PM IST

ETV Bharat / state

বঙাইগাঁৱত ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তেজনা

বঙাইগাঁৱত কৰ্তব্যৰত চিকিৎসক পাৰ্টিত ব্যস্ত। ক'ভিড ভেকচিন (Covid-19 Veccine) ল'বলৈ যোৱা ৰাইজৰ মাজত উত্তেজনা । শীঘ্ৰেই চকিৎসক তথা কৰ্মচাৰীৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী উত্তেজিত ৰাইজৰ ৷

Tense Situation in covid vaccine centre in Bongaigaon District
বঙাইগাঁৱত ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তেজনা

বঙাইগাঁও, 27 জুলাই : বঙাইগাঁৱৰ কীৰ্ত্তনপাৰাত ক'ভিড ভেকচিন ল'বলৈ যোৱা ৰাইজৰ মাজত উত্তেজনা । কাৰণ বঙাইগাঁও জিলাৰ (Bongaigaon District) কীৰ্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)ত ৰাতিপুৱাৰ পৰা ভেকচিন ল'বলৈ ৰাইজে অপেক্ষা কৰি আছে যদিও চিকিৎসালয় খনত নাই চিকিৎসক ৷ কৰ্তব্যৰত অৱস্থাত আছে মাত্ৰ এগৰাকী নাৰ্চ ৷ ফলত ঘন্টাৰ পাছত ঘন্টা ধৰি প্ৰখৰ ৰ'দত শাৰি পাতি থাকিবলগীয়া হৈছে ৰাইজ ৷

বঙাইগাঁৱত ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তেজনা

চিকিৎসালয়খনত নিয়োজিত চিকিৎসক গৰাকী দায়িত্ব পালন কৰাটো দূৰৈৰে কথা পাৰ্টী খোৱাতহে ব্যস্ত বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ চিকিৎসকগৰাকীৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰিছে ৰাইজ । চিকিৎসক আছফিয়া হাবিব চিকিৎসালয়ত উপস্থিত হৈয়েই বিজনীলৈ পাৰ্টি এখনত অংশ ল'বলৈহে গৈছে বুলি জানিব পৰা গৈছে ৷ ফলত ক'ভিড ভেকচিন লোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এইসকল ৰাইজ ৷

লগতে পঢ়ক-ক’লা মানুহ প্ৰসংগ: বিশেষ সভা প্ৰশাসনৰ

এই বিষয়ে কৰ্মৰত নাৰ্চগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত নাৰ্চগৰাকী এই বিষয়ে অৱগত নহয় বুলি জনায় ৷

ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিত চিকিৎসক আছফিয়া হাবিবে নিজ দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগ ৰাইজৰ । চিকিৎসালয়খনৰ চিকিৎসকৰ লগতে কৰ্মচাৰীৰ বিৰুদ্ধে অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ( Health Minister Keshab Mahanta)ক দাবী জনাইছে স্থানীয় ৰাইজে । আনহাতে, দীৰ্ঘ সময় ধৰি শতাধিক লোকে গাতে-গা লাগি থাকিবলগীয়া হোৱাৰ বাবে ক’ভিড প্ৰতিৰোধৰ বিপৰীতে অধিক হাৰত সংক্ৰমিতহে হোৱাৰ আশংকা কৰিছে ৰাইজে ৷ অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক-বঙাইগাও জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

ABOUT THE AUTHOR

...view details