বঙাইগাঁও, 12 মে’ :বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022)। তিনিটা পৰ্যায়ত হ’ব লগা গুণোৎসৱৰ প্ৰথম পৰ্যায়তে বঙাইগাঁৱৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত 2 নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ এক অভিযোগ উত্থাপিত হৈছে ৷
স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তিৰ ধন আত্মসাৎ কৰাৰ লগতে বেংক একাউন্ট খোলাৰ নামত বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ পৰা লৈছে 500 টকাকৈ (Teacher accused of embezzlement of money) ৷ আনকি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ধনো আত্মসাৎ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
আনহাতে, মাজে সময়ে মধ্যাহ্ন ভোজনৰ নামত আহাৰ যোগান ধৰাৰ নামতো কিছু খেলি-মেলি কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ আনকি পৰিচালনা সমিতিক গুৰুত্ব নিদি পৈতৃক সম্পত্তিৰ দৰে বিদ্যালয়খন ব্যৱহাৰ কৰাৰো অভিযোগ তোলে পৰিচালনা সমিতিৰ একাংশ সদস্য তথা স্থানীয় ৰাইজে ৷