বঙাইগাঁও, 4 আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৪ নং বাশবাৰীৰ নৱ দিগন্ত এম ই স্কুলৰ মাটিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে(Tense situation in Bashbari ME School in Bongaigaon) । নৱ দিগন্ত এম ই স্কুলৰ নামত ছফি ৰহমান নামৰ স্থানীয় ব্যক্তি এজনে মাটিখিনি দান কৰিছিল । ছফি ৰহমানে উক্ত স্কুলতে চতুৰ্থ বৰ্গৰ চাকৰিটো তেওঁক দিয়াৰ চৰ্ততে ১৯৮৯ চনত মাটিখিনি দান কৰিছিল ৷
সেই সময়ত স্কুলখন ভেঞ্চাৰ আছিল ৷ কিন্তু বৰ্তমান স্কুলখন চৰকাৰীকৰণ হোৱাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰিটো নোহোৱাত ক্ষোভিত হৈ দান কৰা মাটি পুনৰ নিজৰ দখললৈ আনে ছফিৰ পৰিয়ালে । হঠাৎ ১ আগষ্টত নৱ দিগন্ত এম ই স্কুলখন জিলানী এম ই স্কুলৰ লগত সংযোগ কৰাৰ পিছত নিজৰ চাকৰিটো হোৱাৰ নিশ্চয়তা নাপাই দান কৰা মাটিত হাল বাই নিজৰ দখললৈ অনাৰ ফলত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।