চিৰাং, 17 আগষ্টঃ বঙাইগাঁও জিলাৰ বীৰঝোৰা চাহ বাগিচাত আছাৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত শনিবাৰে পুৱাৰে পৰা দিনজোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাগিচাৰ চাহ শ্ৰমিক সকলে । বাগিছাৰ গাণনিকৰ সাত লক্ষাধিক টকাৰ দুৰ্নীতিৰ বিষয়ে বাগিছা কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাছতো বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত আৰু বাগিছাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
বীৰঝোৰা চাহ বাগিচাত চাহ শ্ৰমিকৰ দিনজোৰা ধৰ্ণা কাৰ্যসূচী
বঙাইগাঁও জিলাৰ বীৰঝোৰা চাহ বাগিচাত আছাৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত শনিবাৰে পুৱাৰে পৰা দিনজোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাগিচাৰ চাহ শ্ৰমিক সকলে
tea garden workers news
উল্লেখযোগ্য যে, 2017 চনত 55 জন শ্ৰমিকৰ নামত বাগিচা খনৰ গাণনিক আৰু প্ৰৱন্ধকৰ বিৰুদ্ধে ধন আত্মসাতৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল সংগঠনে ৷