অসম

assam

ETV Bharat / state

মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাণিকপুৰতো শ্বহীদ দিৱস পালন - মাণিকপুৰৰ শ্বহীদ বাকৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে পালন কৰা হয় শ্বহীদ দিৱস ৷ মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাণিকপুৰৰ শ্বহীদ বাকৰিতো দেওবাৰে শ্বহীদ দিৱস পালন কৰা হয় ৷

Swahid Divash Observed in Manikpur
মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাণিকপুৰতো শ্বহীদ দিৱস পালন

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:10 AM IST

মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাণিকপুৰতো শ্বহীদ দিৱস পালন

বঙাইগাঁও, 11 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে পালন কৰা হয় শ্বহীদ দিৱস ৷ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছিল শ্বহীদ দিৱসৰ ৷ অসম আন্দোলনত জাতিৰ হকে আত্মবলিদান দিয়া শ্বহীদসকলক সুঁৱৰি মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাণিকপুৰৰ শ্বহীদ বাকৰিতো দেওবাৰে শ্বহীদ দিৱস পালন কৰা হয় ৷

পুৱাৰ ভাগত পতাকা উত্তোলন কৰে মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আপ্তাবুল হুছেইনে ৷ মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰবীণ ৰায়ে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনত জাতিৰ হকে প্ৰাণ ত্যাগ কৰা বীৰ যোদ্ধালৈ সশ্ৰদ্ধ প্ৰণিপাত জনায় ৷

উল্লেখ্য যে, এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি 7 ডিচেম্বৰত মাণিকপুৰৰ বিভিন্ন বিদ্যালয়ত গছপুলি ৰোপন, 8 ডিচেম্বৰত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা আৰু 9 ডিচেম্বৰত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি শ্বহীদ দিৱসৰ দিনটোতে বঁটা বিতৰণী সভাও অনুষ্ঠিত কৰা হয় ৷

আনহাতে, সভাত অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ দলীয় কৰ্মী অমিও কুমাৰ চৌধুৰীয়ে দলৰ ইতিবৃত্তৰ কথা সোঁৱৰণ কৰি শ্বহীদ দিৱসৰ বিষয়ে উক্ত সভাত ব্যাখ্যা কৰে ৷ উক্ত অনুষ্ঠানতে উপস্থিত আছিল বিজনী প্ৰেছ ক্লাৱৰ সভাপতি হেমেন শৰ্মা, মাণিকপুৰ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল ছোবাহান আলী, বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছফিয়ৰ আলীৰ লগতে স্থানীয় কেইবাজনো নেতৃস্থানীয় ব্যক্তি ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী, অসম আন্দোলনত প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসমৰ 860 জন শ্বহীদৰ স্মৃতি ৰক্ষাৰ্থে 10 ডিচেম্বৰ দিনটো সমগ্ৰ ৰাজ্যতে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক :কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ দুশ কোটি টকা : বিজেপিৰ প্ৰতিবাদত উত্তাল বঙাইগাঁও

ABOUT THE AUTHOR

...view details