বঙাইগাঁও,25 মে’: ৰাজ্যৰ চিকিৎসা খণ্ডৰ ভিতৰত চলি আছে এক আজৱ কাণ্ড ৷ পৰ্যাপ্ত চিকিৎসালয়ৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে ৰোগী ৷ কিন্তু তেনে সময়তে বঙাইগাঁও জিলাৰ এটা উপ স্বাস্থ্যকেন্দ্ৰ পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷
ৰাজ্যত কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ বাবে পৰ্যাপ্ত চিকিৎসালয় তথা আছুতীয়া চিকিৎসা কক্ষৰ অভাৱ দেখা দিয়াৰ মাজতে বঙাইগাঁও জিলাৰ ঢাকানাবাৰীত থকা উপ স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ কিয়নো ঢাকানাবাৰীত থকা উপ স্বাস্থ্যকেন্দ্ৰটো স্থাপন কৰাৰ পাচতো কাৰ্যক্ষম নহ’ল ৷
এতিয়া এই উপ স্বাস্থ্যকেন্দ্ৰটোৰ চাৰিওকাষ ঘন জংঘল আৰু সুৰাৰ বটলৰে ভৰি পৰিছে ৷ এক প্ৰকাৰে এই উপ স্বাস্থ্যকেন্দ্ৰটো একমাত্ৰ মদ-জুৱা তথা অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈহে ৰূপান্তৰিত হৈছে ৷