অসম

assam

ETV Bharat / state

যোগীঘোপাৰ কুঁজীয়া নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ - etv bharat assam

বৃহস্পতিবাৰে কুঁজীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজন ছাত্ৰ ৷ ছাত্ৰ দুজন ক্ৰমে অভয়াপুৰীৰ বিজু আহমেদৰ পুত্ৰ ডাৰ্কিৱ আহমেদ (19)আৰু জিতেন ৰায়ৰ পুত্ৰ নৱজিৎ ৰায় (20) । বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰক্ষী আৰু এছডিআৰএফয়ে ছাত্ৰ দুজনৰ সন্ধানত অভিযান চলাই আছিল যদিও সফল হোৱা নাছিল ।

যোগীঘোপাৰ কুঁজীয়া নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

By

Published : Jun 14, 2019, 9:52 AM IST

বঙাইগাঁও, 14 জুনঃ বঙাইগাঁৱৰ যোগীঘোপাৰ কটাশবাৰীত শোকাৱহ ঘটনা ৷ বৃহস্পতিবাৰে কুঁজীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজন ছাত্ৰ ৷ ছাত্ৰ দুজন ক্ৰমে অভয়াপুৰীৰ বিজু আহমেদৰ পুত্ৰ ডাৰ্কিৱ আহমেদ (19)আৰু জিতেন ৰায়ৰ পুত্ৰ নৱজিৎ ৰায় (20) । বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰক্ষী আৰু এছডিআৰএফয়ে ছাত্ৰ দুজনৰ সন্ধানত অভিযান চলাই আছিল যদিও সফল হোৱা নাছিল । অৱশেষত শুকুৰবাৰে পুৱা এছডিআৰএফৰ দলে নদীৰ বুকুৰ পৰা ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

যোগীঘোপাৰ কুঁজীয়া নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে ডাৰ্কিব, নৱজিতৰ সৈতে অভয়াপুৰীৰে শ্বাহিল হুছেইন, আৰু আনিচুৰ ৰহমান নামৰ মুঠ ৪ জন ছাত্ৰই গা ধুবলৈ গৈছিল কটাশবাৰীৰ কুঁজীয়া নদীলৈ । গা ধুই থাকোতে হঠাৎ দুজন ছাত্ৰ সন্ধানহীন হৈ পৰিছিল । আনহাতে, শুকুৰবাৰে এছডিআৰএফয়ে ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত অভয়াপুৰীত শোকৰ ছাঁ পৰিছে ।

ABOUT THE AUTHOR

...view details