অসম

assam

ETV Bharat / state

দিল্লী অভিমুখে ৰাওনা হোৱা SSB ৰ চাইকেল ৰেলী দলক সম্বৰ্ধনা - এৰিয়া কামাণ্ডে

তেজপুৰ আৰু গুৱাহাটীৰ পৰা SSB দলটোৱে আৰম্ভ কৰা এই চাইকেল ৰেলী সোমবাৰে পুৱা মাণিকপুৰত উপস্থিত হয় ৷ মাণিকপুৰত উপস্থতিত হোৱাৰ লগে লগে মাণিকপুৰ আৰক্ষী থানাত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আৰু বিজনীৰ SSB বাহিনী আৰু মাণিকপুৰ আৰক্ষীয়ে সম্ভাষণ জনায় দলটোক ৷

ssb-cycle-rally-team-arrived-in-manikpur
মাণিকপুৰত উপস্থিত দিল্লী অভিমুখে ৰাওনা হোৱা SSB ৰ চাইকেল ৰেলীৰ দলটো

By

Published : Aug 31, 2021, 5:42 PM IST

বঙাইগাঁও,31 আগষ্ট :দেশে স্বাধীনতা লাভ কৰা 75 টা বছৰ অতিক্ৰম কৰিলে ৷ ইয়াৰ লগতে দেশবাসীয়ে উদযাপন কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ এই মহোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটী আৰু তেজপুৰৰ পৰা 34 জনকৈ SSB জোৱানে চাইকেল ৰেলীৰ দিল্লীলৈ যাত্ৰা কৰিছে ৷

মাণিকপুৰত উপস্থিত দিল্লী অভিমুখে ৰাওনা হোৱা SSB ৰ চাইকেল ৰেলীৰ দলটো

উল্লেখযোগ্য যে, 2 অক্টোবৰত দিল্লীত অনুষ্ঠিত হ’ব লগীয়া অমৃত মহোৎসৱত অংশ গ্ৰহণৰ উদ্দেশ্যে এই বিশেষ চাইকেল ৰেলীৰ আৰম্ভ কৰিছে ৷ তেজপুৰ আৰু গুৱাহাটীৰ পৰা দলটোৱে আৰম্ভ কৰা এই চাইকেল ৰেলী সোমবাৰে পুৱা মাণিকপুৰত উপস্থিত হয় ৷ মাণিকপুৰত উপস্থতিত হোৱাৰ লগে লগে মাণিকপুৰ আৰক্ষী থানাত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আৰু বিজনীৰ SSB বাহিনী আৰু মাণিকপুৰ আৰক্ষীয়ে সম্ভাষণ জনায় দলটোক ৷

লগতে পঢ়কঃ মহানগৰীৰ তিনি স্থানৰ পৰা আটক 5 টা ড্ৰাগছ সৰবৰাহকাৰী

চাইকেল ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী SSB সেনা জোৱান আৰু বিষয়াক বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে একোখনকৈ গামোছাৰে সম্ভাষণ জনায় । তাৰপাচতে মাণিকপুৰ থানাত SSB ৰ দলটোৱে পুৱাৰ আহাৰ গ্ৰহণ কৰি কিছুসময় জিৰণি লৈ পুনৰ দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰে । উল্লেখযোগ্য যে, এই যাত্ৰাত ৩৪ জনকৈ জোৱান আৰু লগতে বিভিন্ন কাৰিকৰি সহযোগী, চিকিৎসকৰ দল, বিভিন্ন বিষয় ববীয়া ।

ইপিনে ৫৪ নং SSB ৰ এৰিয়া কামাণ্ডে চাইকেল ৰেলীৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, নিজৰ লগতে অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণ কি দৰে সুস্থ সৱল হৈ থাকিব পাৰি এই চাইকেল ৰেলীৰ জৰিয়তে সজাগতা সৃষ্টিৰ কৰা ৷ লগতে দেশত নিবনুৱা সমস্যাই শিক্ষিত যুৱ সমাজক যি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে সেই যুৱ সমাজক সামৰিক বাহিনীৰ প্ৰতি আকৃষ্ট কৰিবলৈ ৷

তাৰ লগে লগে সামৰিক বাহিনীত যোগদান কৰিবলৈ নিজকে কেনেদৰে প্ৰস্তুত কৰিব লাগে বা নিজকে ফিট কৰি ৰাখিবলৈ কেনেদৰে ব্যৱস্থা হাতত ল’ব লাগে তাৰ প্ৰতিও উৎসাহিত কৰা এই চাইকেল ৰেলীৰ অন্যতম উদ্দেশ্য ৷ উল্লেখযোগ্য যে, এই চাইকেল ৰেলীৰ সফল সমাপ্তি ২০২২ চনৰ ১৫ আগষ্টত পৰিব ।

অৱশ্যে ২০২১ চনৰ ২ অক্টোৱৰ গান্ধী জয়ন্তীৰ দিনা দিল্লীত সমগ্ৰ ভাৰতৰ পৰা ওলোৱা সকলো চাইকেল ৰেলী অমৃত মহোৎসৱ নামৰ অনুষ্ঠানত মিলিত হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ 3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

ABOUT THE AUTHOR

...view details