বঙাইগাঁও, ৯ মে': বিদ্যুৎ বিলৰ বিসংগতি দূৰ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰ তথা বিদ্যুৎ বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰে স্মাৰ্ট মিটাৰ (Smart Electricity Meters in Assam) । পিছে স্মাৰ্ট মিটাৰে বিপদ মাতিব পাৰে গ্ৰাহকলৈ (Smart meter of APDCL) । হেক হ'ব পাৰে বিদ্যুৎ বিভাগে আপোনাৰ ঘৰত নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰটো (Smart meter of APDCL may be hacked) । যাৰ ফলত অত্যাধিকভাৱে পৰিশোধ কৰিবলগীয়া হ'ব পাৰে বিদ্যুৎ বিল ।
বঙাইগাঁৱৰ যুৱক ৰণী দাস আৰু আদিত্য সিং নামৰ দুই প্ৰফেচনেল চাইবাৰ চিকিউৰিটি এক্সপাৰ্টে কেমেৰাৰ সন্মুখত হেক কৰি দেখুৱালে বৰ্তমানৰ বহু চৰ্চিত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ । বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ কিমান স্মাৰ্ট তেওঁলোকে প্ৰকাশ কৰা ভিডিঅ'টোৰ জৰিয়তেই বুজিব পাৰিব আপুনি । কেইটামান কম্পিউটাৰৰ ক'ড টাইপ কৰি চাইবাৰ চিকিউৰিটি এক্সপাৰ্ট ৰণী দাসে সুমুৱাই দিব পাৰে নিজৰ বিদ্যুতৰ একাউণ্টত ধন ।
লগতে পঢ়ক:Road accident at Maligaon : মালিগাঁৱত সেনাবাহিনীৰ বাহনৰ খুন্দাত নিহত ছাত্ৰী