বঙাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - আমছু
বঙাইগাঁৱত NRC ত আপত্তি দৰ্শোৱাৰ নামত অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনেও অংশ গ্ৰহণ কৰে এই প্ৰতিবাদত ৷
বঙাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
বঙাইগাঁও,13 মে': সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা(আমছু)ৰ অসমব্যাপি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ শেষতীয়াকৈ এন আৰ চিৰ নামত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘূ লোকক অভিযোগ দি হাৰাশাস্তি কৰাৰ বিৰোধিতাৰে ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ । একেদৰেই বঙাইগাঁৱতো জিলা আমছুৱে দিনৰ ১১ বজাৰ পৰা দুঘন্টীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে । আমছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সদস্যইও অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় ।
Last Updated : May 14, 2019, 4:19 PM IST