বঙাইগাঁও, 14 আগষ্ট :আই নৈৰ বাঢ়নী পানীত জলমগ্ন উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল । বঙাইগাঁও জিলাৰ 34 নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰধান উপ নদী হ’ল আই আৰু মানাহ নদী । বৰ্তমান কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে ৷ আই নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত সমষ্টিটোৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে ।
ভূটান চৰকাৰে কোনো আগজাননী নিদিয়াকৈ তিনি দিন ধৰি ধাৰাষাৰে পানী এৰি দিয়াৰ ফলত সমষ্টিটোৰ প্ৰায় কুৰি খন গাঁও জলমগ্ন হৈ পৰিছে । অঞ্চলটোৰ লোকসকলৰ ঘৰৰ চোতাললৈ পানী সোমাইছে । সম্প্ৰতি তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে পানী । বানাক্ৰান্ত লোকসকলৰ উপৰিও তীব্ৰ খাদ্য সংকটত ভুগিছে পহুধন । কিন্তু ইমানৰ পিচতো জিলা প্ৰশাসনে কোনো খবৰ লোৱা নাই বুলি অভিযোগ বানাক্ৰান্তৰ ।