অসম

assam

ETV Bharat / state

ছাত্ৰ-ছাত্ৰী অবিহনে চলিছে এখন প্ৰাথমিক বিদ্যালয় - school runs without teacher

শিক্ষকে মদ্যপান কৰি বিদ্যালয়লৈ অহা বাবেই চাৰিমাহে অভিভাৱকে বিদ্যালয়লৈ পঠিওৱা নাই নিজৰ সন্তানক ৷

ছাত্ৰ-ছাত্ৰী অবিহনে চলিছে এখন প্ৰাথমিক বিদ্যালয়

By

Published : May 6, 2019, 8:41 PM IST

বঙাইগাঁও, 6 মে' : ছাত্ৰ-ছাত্ৰী বিহীন এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনত দুজনকৈ শিক্ষক আছে যদিও ছাত্ৰ-ছাত্ৰী নাই এজনো ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত আবাদী বালা প্ৰাথমিক বিদ্যালয়ৰ ঘটনা এয়া ৷ বিদ্যালয়খনৰ আন্তঃগাথনিত নাই কোনো খুত ৷ কিন্তু তথাপিও ছাত্ৰ-ছাত্ৰী নাহে বিদ্যালয়খনলৈ ৷

জানুৱাৰী মাহৰ পৰা বিগত চাৰি মাহ ধৰি ছাত্ৰ ছাত্ৰী অবিহনে এনেদৰে চলি আছে বিদ্যালয়খন । বিদ্যালয়খনৰ এজন শিক্ষকে দৈনিক মদ্যপান কৰি বিদ্যালয়লৈ অহা কাৰণেই নিজৰ ল'ৰা-ছোৱালীক বিদ্যালয়লৈ নপঠায় বুলি জানিবলৈ দিয়ে একাংশ অভিভাৱকে ৷ কিন্তু অভিভাৱকৰ অভিযোগ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক প্ৰশ্ন উত্থাপন কৰাত সকলো অভিযোগ মিছা বুলি খণ্ডন কৰে প্ৰধান শিক্ষকৰ লগতে অভিযুক্ত শিক্ষকজনে ৷

ছাত্ৰ-ছাত্ৰী অবিহনে চলিছে এখন প্ৰাথমিক বিদ্যালয়

বিদ্যালয়খনৰ শিক্ষকৰ এনে ব্যৱহাৰৰ বাবে দীৰ্ঘদিন ধৰি মাণিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু বঙাইগাঁও জিলা শিক্ষা বিষয়াক অভিভাৱকসকলে অৱগত কৰি আহিছে যদিও এতিয়াও শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিয়াগোম শিক্ষা বিভাগে ৷

ABOUT THE AUTHOR

...view details