অসম

assam

ETV Bharat / state

বঙাইগাঁৱত মূল্যায়ণ আৰু অভ্যাসন বহী দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ - Midday meal in schools

চৰকাৰী বিদ্যলয়তো দিব লাগে ধন ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অধীনৰ এখন চৰকাৰী বিদ্যালয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা শিক্ষা বিভাগে বিনামূলীয়াকৈ যোগান ধৰা মূল্যায়ণ আৰু অভ্যাসন বহী দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ (Allegations against school authorities) ৷

allegations-against-school-authorities-to-collect-unreasonable-money-in-bongaigaon
বঙাইগাঁৱত মূল্যায়ণ আৰু অভ্যাসন বহী দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ

By

Published : May 20, 2022, 8:52 PM IST

বঙাইগাঁও, 20 মে’: যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ ‘শিক্ষাৰ অধিকাৰ আইন 2009’ ৰ মতে 6 ৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে 8 বছৰীয়া বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা নিশ্চিত কৰিছে তেনে সময়তে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অধীনৰ এখন চৰকাৰী বিদ্যালয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ (Scam in school of Bongaigaon) কৰা কাৰ্যই শৈক্ষিক মহলৰ চকু কপালত তুলিছে ৷

বঙাইগাঁৱত মূল্যায়ণ আৰু অভ্যাসন বহী দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ

হয়, আপুনি ঠিকেই শুনিছে ৷ চৰকাৰী বিদ্যলয়তো দিব লাগে ধন ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত বাতাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সুৱৰ্না ৰায়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিনামূলীয়াকৈ যোগান ধৰা মূল্যায়ণ আৰু অভ্যাসন বহী দিয়াৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা 10 টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

ইপিনে, বাতাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে মধ্যহ্ন ভোজনৰ (Midday meal in schools) বজাৰ কৰাৰ দোহাই দি কোনো দিনে সময়মতে বিদ্যালয়ত উপস্থিত নহয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷ লগতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে এই সকলোবোৰ কথা সাংবাদিকৰ আগত নিজ মুখে স্বীকাৰ কৰে ৷

বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ । এতিয়া প্ৰশ্ন হয়, কৰ্তব্য আৰু দায়িত্ব পালনৰ নামত একাংশ চিআৰচিচিয়ে নিজৰ দায়িত্ব সঠিকৰূপে পালন কৰিছে নে? নে হাটে-বজাৰে ঘুৰি আদায় কৰিছে দৰমহা? হাজাৰ হাজাৰ টকা দৰমহা পোৱা একাংশ শিক্ষকে সময়মতে বিদ্যালয়লৈ গৈছেনে ?

বিনামূলীয়া বহী যোগান ধৰাৰ নাম ধন সংগ্ৰহৰ অনুমতি ক'ত পালে ? মুঠৰ ওপৰত এতিয়া জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া, সৃজনগ্ৰাম শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলে জিলাখনৰ শিক্ষা ব্যৱস্থাৰ বিশুদ্ধিকৰণৰ বাবে কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে : এডিজিপি হীৰেন নাথ

ABOUT THE AUTHOR

...view details