অসম

assam

By

Published : Mar 5, 2021, 10:57 PM IST

ETV Bharat / state

প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত বঙাইগাঁৱত সংস্কাৰ জাগৰণ যাত্ৰা

অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সুকীয়া ভাষাৰ সংৰক্ষণ আৰু বিকাশ প্ৰতিটো জাতি জনগোষ্ঠীৰ সুকীয়া পৰম্পৰা ৰীতি-নীতি,কৃষ্টি-সংস্কৃতি, বেশ ভূষাক জীয়াই ৰখাৰ সংকল্পৰে বাহিৰ কৰা হয় এই বিশাল সংস্কাৰ জাগৰণ যাত্ৰা ৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেইবা শতাধিক লোকে ৷

Sanskar rally at Bongaigaon by Pragya foundation
প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত বঙাইগাঁৱত সংস্কাৰ জাগৰণ যাত্ৰা

চিৰাং,5 মাৰ্চ: শুকুৰবাৰে সন্দৰ্ভত প্ৰজ্ঞা ফাউণ্ডেশ্বনৰ উদ্যোগত চিৰাং জিলাৰ ৰাজপথত বাহিৰ কৰা হয় এক বিশাল সংস্কাৰ জাগৰণ যাত্ৰা ৷ বাৰেৰহনীয়া সংস্কৃতিৰ প্ৰদৰ্শনেৰে বাহিৰ কৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেইবা শতাধিক লোকে ৷ অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সুকীয়া ভাষাৰ সংৰক্ষণ আৰু বিকাশ প্ৰতিটো জাতি জনগোষ্ঠীৰ সুকীয়া পৰম্পৰা ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, বেশ ভূষাক জীয়াই ৰখাৰ সংকল্পৰে বাহিৰ কৰা হয় এই বিশাল সংস্কাৰ জাগৰণ যাত্ৰা ৷

প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত বঙাইগাঁৱত সংস্কাৰ জাগৰণ যাত্ৰা

উল্লেখ্য যে, ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য আৰু প্ৰান্তৰ স্বকীয় ভাষা,ঐতিহ্য আৰু সংস্কৃতিৰ বৈচিত্ৰ আছে যদিও সকলোৰে মাজত বিদ্যমান সভ্যতা সংস্কৃতিৰ মূল উৎস হৈছে বৃহৎ ভাৰতীয় সংস্কৃতি আৰু সভ্যতা৷ আমাৰ জীৱনলৈ অহা ভাবুকি স্বৰূপ সাংস্কৃতিক,সামাজিক,বৈষম্য সমূহক চিনাক্ত কৰি আজিৰ যুৱ প্ৰজন্মৰ লগতে সমূহ সমাজে একত্ৰিত হৈ ইয়াক মষিমূৰ কৰাৰ দায়িত্ব লব লাগিব ৷ পৰিবেশ সংৰক্ষণ, ভূমি সংৰক্ষন, জল সংৰক্ষণ, মাদক দ্ৰব্য নিবাৰণ, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ কৰি সমাজক বিকাৰগ্ৰস্ত কৰা এনে পৰ্যায় সমূহক বিচাৰি উলিয়াই সমাজৰ প্ৰত্যেকেই জনসাধাৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰজ্ঞা ফাউণ্ডেশ্বনে যোৱা এক সপ্তাহ ধৰি অসমৰ বিভিন্ন প্ৰান্তত সংস্কাৰ জাগৰণ যাত্ৰাৰ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে ৷

লগতে পঢ়কঃলখিমপুৰৰ তিনিটা সমষ্টিত বিজেপিয়ে দিলে প্ৰাৰ্থী

For All Latest Updates

ABOUT THE AUTHOR

...view details