বঙাইগাঁও, 24 আগষ্ট: বঙাইগাঁৱত সংঘটিত হৈছে এটা লজ্জাজনক ঘটনা ৷ 20 দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি সাংবাদিক ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই সংঘটিত হয় এই আক্ৰমণৰ ঘটনা (Attack on journalist in Bongaigaon) ৷ এই ঘটনাৰ পাচতেই সমগ্ৰ জিলা খনতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ বালি মাফিয়াৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰিত দীৰ্ঘদিন ধৰি মানাহ নৈত অবৈধভাৱে বালি খনন কৰি আহিছিল একাংশ বালি মাফিয়াই ৷ বঙাইগাঁও জিলাৰ সাংবাদিকৰ এটা দলে এই অবৈধ বালি খননৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই বালি মাফিয়াই আক্ৰমণ কৰে (Sand mafia attacked journalist) । বালি মাফিয়া মজমুল হক আৰু মনিৰ উদ্দিনৰ নেতৃত্বত ২০ জনীয়া দলে আক্ৰমণ কৰে তিনিজনকৈ সাংবাদিকক । এই আক্ৰমণত আহত হয় সাংবাদিক ছোবাহান আলী, আজিজুল হক আৰু ৰফিকুল ইছলামক আক্ৰমণ ।
ইফালে, বালি মাফিয়াই সাংবাদিকৰ মোবাইল ফোনো কাঢ়ি নিয়ে । বালি মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Journalist attack in Bongaigaon) ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মানাহৰ বুকুত এইদৰে অবৈধভাৱে বালি খনন কৰি আহিছে বালি মাফিয়াই (Illegal sand mining in Manah river)। ঘটনা সংক্ৰান্তত সাংবাদিক সকলে মাণিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । বন বিভাগৰ চকুৰ সমুখতেই এইদৰে নিতৌ খনন চলোৱা কাৰ্যই সচেতন মহলৰ মনত সন্দেহৰ সৃষ্টি কৰিছে ৷ বিয়াগোম বন বিভাগৰ চকুৰ সমুখতে হৈ থকা অবৈধ বালি খননৰ প্ৰতি বিভাগটোৱে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ (Allegation against Assam forest department)৷
ইফালে, এই ঘটনাটোক তীব্ৰ গৰিহণা দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলামে (AAMSU reacts on Journalist attack)। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত সকলোকে কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শাস্তিৰ দাবী জনাইছে তেওঁলোকে । বঙাইগাঁও জিলা বন বিভাগৰ ভূমিকাতো ক্ষুব্ধ হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ।
বন বিভাগৰ লগত বালি মাফিয়াই মিতিৰালি কৰি অবৈধ খনন কাৰ্য অব্যাহত ৰখা বুলি অভিযোগ আমছুৰ সভাপতিগৰাকীয়ে । দিন দুপৰতে এইদৰে বালি মাফিয়াই সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ পাচত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষ্যনীয় হ’ব ৷
লগতে পঢ়ক :কাৰ্বি পাহাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান