অসম

assam

ETV Bharat / state

Robber arrested in Manikpur: গ্ৰেপ্তাৰ কৰা ডকাইতে প্ৰাণ হেৰুৱালে ট্ৰাকৰ চেপাত - Three robbers in police trap

বঙাইগাঁও জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া ডাঙাইগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতে প্ৰাণ হেৰুৱালে ট্ৰাকৰ চেপাত (Arrested robber died in accident) । ঘটনাৰ উচিত তদন্তৰ দাবী প্ৰত্যক্ষদৰ্শীৰ ।

Arrested robber died in accident
গ্ৰেপ্তাৰ কৰা ডকাইতে প্ৰাণ হেৰুৱালে ট্ৰাকৰ চেপাত

By

Published : Dec 11, 2022, 8:15 AM IST

বঙাইগাঁও, 11 ডিচেম্বৰ:বঙাইগাঁৱৰ ডাঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা । গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে কৰায়ত্ব কৰা তিনিটা ডকাইতৰ এটাই পলায়ন কৰিবলৈ চেষ্টা চলাওঁতেই পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাই(Arrested robber died in accident) । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

বঙাইগাঁও জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া ডাঙাইগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মাণিকপুৰ থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পোম খেদি গ্ৰেপ্তাৰ কৰিছিল গাড়ী হাইজেক কৰা তিনি ডকাইতক(Robber arrested in Manikpur) । গ্ৰেপ্তাৰ কৰাৰ পাছতে ডকাইত তিনিটাৰ এটাই পলায়নৰ চেষ্টা চলাওতেই ট্ৰাকৰ খুন্দাত ঘটনা স্থলীতে মৃত্যু হয় ।

উল্লেখ্যযোগ্য যে, যোৱা ২৫ নৱেম্বৰ তাৰিখে নিশা প্ৰায় ১১:৩০ মান বজাত নৰ্থ বঙাইগাঁও থানাৰ অন্তৰ্গত আই ব্ৰীজত এখন মালবাহী ট্ৰাক হাইজেক হৈছিল (Truck hijack in Bongaigaon) । এই সন্দৰ্ভত নৰ্থ বঙাইগাঁও থানাত ৰুজু কৰা হৈছিল এটা গোচৰ ।

সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ট্ৰাকখন গোৱালপাৰাৰ পৰা উদ্ধাৰ কৰে । লগতে শনিবাৰে ট্ৰাক হাইজেকৰ সৈতে জড়িত তিনিটা ডকাইতক গ্ৰেপ্তাৰ কৰে (Three robbers in police trap) । কিন্তু ডকাইত দুটাৰ এটাই আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাওতেই ট্ৰাকৰ চেপাত মৃত্যু বৰণ কৰে । কৰায়ত্ব কৰা ডকাইত তিনিটা কীৰ্তন পাৰা ১ম খণ্ডৰ ছহিদুল ইছলাম, ২ নং ভাণ্ডাৰাৰ ওছমান গনি আৰু বালাৰচৰ জুব্বাৰ আলী ।

ইয়াৰে কীৰ্তন পাৰা ১ম খণ্ডৰ ছহিদুল ইছলামৰ ট্ৰাকৰ চেপাত মৃত্যু হয় । ইফালে এই দুৰ্ঘটনাক প্ৰত্যক্ষদৰ্শীয়ে সহজভাৱে ল’ব পৰা নাই । আৰক্ষীৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাৰ এক উচিত তদন্ত দাবী কৰিছে ।

লগতে পঢ়ক:Gondwana society in Assam: গণ্ডৱানা কৃষ্টি-সংস্কৃতিৰে জীপাল কাবোলা পথাৰ

ABOUT THE AUTHOR

...view details