অসম

assam

ETV Bharat / state

প্লাষ্টিকেৰে নিৰ্মাণ কৰা হ’ল গ্ৰাম্য পথ - বঙাইগাঁও পথ

বঙাইগাঁও জিলাত চেল ফিল্ড তথা এইচডিপিই শ্বীড ব্যৱহাৰ কৰি গ্ৰাম্য পথ নিৰ্মাণ ৷ জিলাখনত এইটো তৃতীয় প্ৰকল্প বুলি সদৰি কৰে গ্ৰাম্য পথ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ গোস্বামীয়ে ৷

road-reparing-with-cell-filled
বঙাইগাঁৱত ন-প্ৰযুক্তিৰে নিৰ্মাণ গ্ৰাম্য পথ

By

Published : May 7, 2021, 1:22 PM IST

চিৰাং,7 মে’ :বঙাইগাঁও জিলাৰ লোকনিৰ্মাণ বিভাগৰ দ্বাৰা জিলাখনত নতুন প্ৰযুক্তি ব্যৱহাৰেৰে আৰম্ভ হৈছে পথ নিৰ্মাণৰ কাম ৷ বঙাইগাঁও জিলাত এইটো তৃতীয় প্ৰকল্প বুলি জানিবলৈ দিয়ে গ্ৰাম্য পথ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ গোস্বামীয়ে ৷

বঙাইগাঁৱত ন-প্ৰযুক্তিৰে নিৰ্মাণ গ্ৰাম্য পথ

জিলাখনৰ বঙাইগাঁও গাঁও পঞ্চায়তৰ যোগীপাৰাত এই নতুন প্ৰকল্পৰে কাম আৰম্ভ কৰিছে বিভাগটোৱে ৷ সাধাৰণ পকী পথ নিৰ্মাণতকৈ কম খৰছী আৰু প্ৰাকৃতিক ভাৰসাম্য নষ্ট নোহোৱাকৈ অতি দীৰ্ঘম্যাদী এই পথ নিৰ্মাণত প্লাষ্টিকৰ উন্নত ধৰণৰ প্ৰযুক্তিৰে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ৷ এই কথা সদৰি কৰে অভিযন্তাগৰাকীয়ে ৷ চেল ফিল্ড তথা এইচডিপিই শ্বীড ব্যৱহাৰ কৰি এই পথ নিৰ্মাণ কৰা হয় ৷ এই উন্নত মানৰ পথ নিৰ্মাণৰ কামক প্ৰশংসা কৰাৰ লগতে আদৰণি জনাইছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক :জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছসহ জালনোট

ABOUT THE AUTHOR

...view details