অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰাখহনীয়াৰ কালৰূপ - various part of Assam effected by river erosion

বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ মেৰেৰচৰ-ডুবাচুৰী গাঁৱত আৰম্ভ হৈছে মানাহ নৈৰ তীব্ৰ গৰাখহনীয়া । মেৰেৰচৰ-ডুবাচুৰী গাঁৱৰ অস্তিত্ব নোহোৱা হোৱাৰ লগতে চিকিৎসালয়, শিক্ষানুষ্ঠান, মছজিদ আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে । বিশ্বনাথ জিলাৰ শিঙিমাৰীতো অব্যাহত আছে তীব্ৰ খহনীয়া । বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ শতাধিক গাঁৱৰ ৰক্ষা কবচ স্বৰূপ বিশ্বনাথ-পানপুৰ মথাউৰিলৈও নামি আহিছে তীব্ৰ ভাবুকি ।

river erosion
ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰাখহনীয়াৰ কালৰূপ

By

Published : Jul 1, 2021, 8:19 PM IST

নিউজ ডেস্ক, ১ জুলাই : সমগ্ৰ ৰাজ্যতে কৰ’ণাৰ (Corona) আতংক অব্যাহত আছে । কিন্তু তাৰ মাজতে ৰাজ্যবাসীৰ বাবে গৰাখহনীয়াই (Erosion) ভূতৰ ওপৰত দানৱৰ ৰূপত দেখা দিছে । অসমৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ মেৰেৰচৰ-ডুবাচুৰী গাঁৱত আৰম্ভ হৈছে মানাহ নৈৰ তীব্ৰ গৰাখহনীয়া ।

ঘৰ-দুৱাৰ, মাটি-সম্পত্তি সকলো হেৰুৱাই এতিয়া সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক । ইতিমধ্যে মানাহ নৈৰ গৰাখহনীয়াই (River erosion) কালৰূপ ধাৰণ কৰি মেৰেৰচৰ-ডুবাচুৰী গাঁৱৰ অধিকাংশই উটুৱাই লৈ গৈছে । বছৰ বছৰ ধৰি মানাহ নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত বহু লোক ঘৰ-বাৰী এৰি আন ঠাইলৈ যাব লগীয়া হৈছে । এইবাৰ মেৰেৰচৰ-ডুবাচুৰী গাঁৱৰ অস্তিত্ব নোহোৱা হোৱাৰ লগতে চিকিৎসালয়, শিক্ষানুষ্ঠান, মছজিদ আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে ।

এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়েই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই । নৈৰ গৰা খহনীয়াৰ কৱলত পৰি গৃহ হাৰা লোকসকলক সংস্থাপনৰ বাবে আজি পৰ্যন্ত কোনো ব্যৱস্থাই ন'ললে প্ৰশাসন কিম্বা চৰকাৰে । মুঠৰ ওপৰত সম্প্ৰতি মেৰেৰচৰ-ডুবাচুৰী গাঁওবাসীৰ বাবে সংস্থাপন এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ।

আনফালে বিশ্বনাথ জিলাৰ শিঙিমাৰীতো অব্যাহত আছে তীব্ৰ খহনীয়া । ব্ৰহ্মপুত্ৰৰ কালৰূপে টোপনি কাঢ়িছে দক্ষিণ চতিয়াৰ বহু অঞ্চলৰ ৰাইজৰ । দৈনিক চপৰা চপৰে খহি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে শিঙিমাৰী আৰু ভোজমাৰীৰ বহু অঞ্চল ।

আনকি বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ শতাধিক গাঁৱৰ ৰক্ষা কবচ স্বৰূপ বিশ্বনাথ-পানপুৰ মথাউৰিলৈও নামি আহিছে তীব্ৰ ভাবুকি । কিন্তু এই ক্ষেত্ৰত এতিয়ালৈ অভিভাৱক মন্ত্ৰী (guardian minister) তথা ৰাজ্যৰ জল সম্পদ মন্ত্ৰী (Water resources minister) পীযুষ হাজৰিকাই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে । অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সম্পাদক নাজিৰ আহমেদে ।

লগতে পঢ়ক:বাণিজ্যিক সংগঠনৰে অজন্তা নেওগৰ বাজেট সম্পৰ্কীয় মত বিনিময়

ABOUT THE AUTHOR

...view details