বঙাইগাঁও, 11 ছেপ্টেম্বৰ :নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বৰঘোলা-কাহিবাৰী পাৰঘাটত বিপদসংকুলভাৱে যাত্ৰী পাৰাপাৰ হ’বলগীয়া হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । স্বাধীনতাৰ পিছৰ পৰাই প্ৰায় লক্ষাধিক লোকে নিতৌ এইদৰে ভূটভূটী নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলটোত । আনহাতে, এই নাওসমূহতো নাই যাত্ৰীৰ বাবে সুৰক্ষাৰ কোনো ব্যৱস্থা ৷
ইফালে নৈখন পাৰ কৰাৰ বাবে লেছীয়ে অত্যাধিক ভাড়া লোৱাৰ অভিযোগ উত্থাপন হৈছে । ২০১৮ চনতে প্ৰায় ৪১ কোটিটকীয়া দলঙৰ কাম সম্পূৰ্ণ হয় যদিও আইনদীৰ গৰাখহনীয়া পূৱদিশে আৰম্ভ হোৱাত দলঙখন নদীৰ মাজভাগতে ভাঙি পৰে । প্ৰশাসনে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে পূৱদিশত কেইজনমান লোকে মাটি এৰি নিদিয়াত বৰ্তমান ভালুকৰ সাঙীত পৰিণত হৈছে ৪১ কোটিটকীয়া দলঙখন ।