বঙাইগাঁও, 13 আগষ্ট :বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে বিস্তীৰ্ণ অঞ্চল । কোনো ধৰণৰ আগজাননী নিদিয়াকৈ হঠাতে ভুটানৰ কুৰিশ্বা বান্ধৰ পানী এৰি দিয়াত আই নদীৰ পানী ওফন্দি উঠাত নদীৰ দুয়োপাৰে থকা প্ৰায় 20 খন গাওঁ বানৰ কৱলত পৰে। হঠাতে বানপানীৰ সৃষ্টি হোৱাত নৈপৰীয়া পৰিয়ালসমূহৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।
যি হাৰত নৈখনৰ পানী বাঢ়ি আছে তেনেস্থলত অতিশীঘ্ৰে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে নৈপৰীয়াই । আনহাতে, 4 আৰু 6 নং ভাণ্ডাৰা, টেন্টনপুৰ, কাহিবাৰী, সাজালপাৰা, বালাপেট জলমগ্ন হোৱাত প্ৰায় প্ৰতি ঘৰে ঘৰে বানপানী হোৱা পৰিলক্ষিত হৈছে ৷ 4 আৰু 6 নং ভাণ্ডাৰাত গড়কাপ্তানী পথৰ ওপৰেদি পানী বাগৰাও পৰিলক্ষিত হৈছে ।