অসম

assam

By

Published : Sep 28, 2020, 12:58 PM IST

ETV Bharat / state

খহনীয়াত সৰ্বস্বান্তলৈ সহায়ৰ হাত আমছুৰ

আমছুৰ নেতৃত্বত বঙাইগাঁও জিলাৰ খহনীয়াগ্ৰস্ত একাংশ লোকৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী ৷ উত্তৰ অভয়াপুৰীৰ মাজেৰে বৈ যোৱা মানাহ নৈয়ে জিলাখনৰ বৰইচালাত সৃষ্টি কৰা তীব্ৰ খহনীয়াৰ ফলত সৰ্বস্বান্ত হৈছে প্ৰায় 50 টাকৈ পৰিয়াল ৷

Relief by AAMSU bongaigaon assam etv bharat news
আমছুৱে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

উত্তৰ অভয়াপুৰী,28 ছেপ্তেম্বৰ: এইবৰ্ষত বানৰ সমান্তৰালকৈ খহনীয়াই যথেষ্ট ক্ষতিসাধন কৰিছে বঙাইগাঁৱত ৷ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নৈয়ে জিলাখনৰ বৰইচালাত সৃষ্টি কৰিছে তীব্ৰ খহনীয়া ৷ এই খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈছে প্ৰায় ৫০ টাকৈ দৰিদ্ৰ পৰিয়াল ৷ আৰ্তজনৰ ওচৰত থিয় হ’বলৈ সময় নোপোৱা জিলা প্ৰশাসনৰ লগতে বিধায়ক আব্দুল হাই নাগৰিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থায়ে ৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে খহনীয়াগ্ৰস্ত এই পৰিয়ালসমূহৰ ওচৰত দেওবাৰে থিয় হৈ মনৰ বুজ লোৱাৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

আমছুৱে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

উল্লেখ্য যে, অঞ্চলটোত খহনীয়াৰ বাবে বিগত এসপ্তাহৰ ভিতৰতে গৃহহাৰা হৈছে প্ৰায় ৫০ টাৰো অধিক পৰিয়াল ৷ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমিয়ো জাহ গৈছে নৈৰ বুকুত ৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে খাদ্য বিতৰণৰ অন্তত মুকলিকৈ চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ তদুপৰি শীঘ্ৰে অঞ্চলবাসীক উপযুক্ত সাহায্য বিতৰণৰ লগতে খহনীয়াৰ সমস্যা ৰোধ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে চাওকঃবহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী

ABOUT THE AUTHOR

...view details