অসম

assam

মাণিকপুৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ পালন

By

Published : Sep 10, 2021, 9:51 AM IST

মাণিকপুৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পোষণ মাহ(Poshan Maah) আৰু মাত্ৰু বন্দনা সপ্তাহ পালন ৷ গৰ্ভৱতী মহিলা আৰু শিশুসকলে যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷

rashtriya-poshan-maah-observed-at-manikpur
পোষণ মাহ পালন

মাণিকপুৰ, 10 ছেপ্তেম্বৰ : ৰাষ্ট্ৰীয় পোষণ মাহ-2021 উপলক্ষে বৃহস্পতিবাৰে মাণিকপুৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পাছৰা চক্ৰত মাত্ৰু বন্দনা সপ্তাহ আৰু পোষণ মাহ(Poshan Maah) পালন ৷ সুৰক্ষিত জননী বিকশিত ধৰণীৰ উদ্দেশ্যে 1 ছেপ্তেম্বৰৰ পৰা 30 ছেপ্তেম্বৰলৈ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে ৷

পোষণ মাহ পালন

ইয়াৰোপৰি 1 ছেপ্তেম্বৰ পৰা 7 ছেপ্তেম্বৰলৈ মাত্ৰু বন্দনা সপ্তাহ পালন কৰা হৈছে ৷ এই কাৰ্যসূচী উপলক্ষে মাণিকপুৰ মহকুমাৰ অন্তৰ্গত হাপাছাৰা গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা সমাজ কৰ্মী গোলক চন্দ্ৰ ৰায়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷

পোষণ মাহ পালন

অনুষ্ঠানত মাণিকপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ধীৰাজ চন্দ্ৰ তালুকদাৰে সংবাদ মাধ্যমৰ আগত জনায় যে, গৰ্ভৱতী মহিলা আৰু শিশুসকলে যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

তেওঁ কয় যে, পোষণ মাহত সকলোৱে নিজ নিজ অঞ্চলত এই সজাগতাৰ আয়োজন কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ চেষ্টা কৰি যাব । শাৰীৰিক, মানসিক আদিৰ ক্ষেত্ৰত মহিলা আৰু শিশুক কেনেদৰে শক্তিশালী কৰি তুলিব পাৰিব সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই কাৰ্যসূচীয়ে ৷

পোষণ মাহ পালন

উক্ত অনুষ্ঠানত উপস্থিত থাকে, মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমন্বয়ক সিদ্ধাৰ্থ ৰায়, মুখ্য সেৱিকা প্ৰমিলা বড়োৰ লগতে অংগনবাড়ীৰ কৰ্মীসকল, চুপাৰভাইজাৰ, গৰ্ভৱতী মহিলা, সংবাদ মাধ্যমৰ সংবাদ কৰ্মীসকল আৰু অঞ্চলটোৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি ৷

লগতে পঢ়ক:বিজনী মহাবিদ্যালয়ত সম্পূৰ্ণৰূপে নামভৰ্তিৰ সুবিধা প্ৰদানৰ দাবী আমছুৰ

ABOUT THE AUTHOR

...view details