অসম

assam

ETV Bharat / state

চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে ! - ভাৰত

বিজেপি চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে ৷ কিয়নো ৰেল বিভাগক লোকচানত চলা বুলি দেখুৱাব পাৰিলেই মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইয়াক পুজিপতি গোষ্ঠীৰ হাতত বিক্ৰী কৰিব পাৰিব ৷

চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে !

By

Published : Jul 2, 2019, 10:02 AM IST

Updated : Jul 2, 2019, 11:20 AM IST

বঙাইগাঁও,২ জুলাই : সোমবাৰে অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আহ্বানত সমগ্ৰ ভাৰতীয় ৰেলতেই ক'লা দিৱস পালন কৰা হয়। ভাৰতীয় ৰেল বিভাগে আগন্তুক এশ দিনীয়া পৰিকল্পনা অনুসৰি ৰেল বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতিবাদত এই ক'লা দিৱস পালন কৰা হয়। এই পৰিপ্ৰেক্ষিততেই নিউ বঙাইগাঁওত সোমবাৰে এখন সভাৰ আয়োজন কৰা হয়।

সমগ্ৰ ভাৰতীয় ৰেলতেই ক'লা দিৱস পালন

অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ নেতৃত্বত ১ জুলাইৰ পৰা ৭ জুলাইলৈকে সমগ্ৰ ভাৰতত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷ সোমবাৰৰ এই প্ৰতিবাদী সভাত ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাস,যুটীয়া সম্পাদক আশীষ বিশ্বাস,সাংগঠনিক সম্পাদক তন্ময় শক্তি ৰাহা,কাৰখানা শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে নিৰ্মল চক্ৰৱৰ্তী আৰু পবিত্ৰ বৰ্মন,বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাস,নিউ বঙাইগাঁও শাখাৰ সম্পাদক মৃণাল শীলকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাসে কয় যে অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনে এই অন্যায় কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিপক্ষে দেশব্যাপী আন্দোলন গঢ়ি তুলিব। উল্লেখ্য যে সোমবাৰে বঙাইগাঁৱৰ লগতে বিভিন্ন স্থান যেনে ৰঙিয়া,গুৱাহাটী,ৰঙাপৰা,মালিগাঁও,লামডিং,তিনিচুকীয়া,শিমলুগুৰি আদিতো মজদুৰ ইউনিয়নৰ কৰ্মীসকলে ক'লা বেজ পিন্ধি ক'লা দিৱস পালন কৰে।

Last Updated : Jul 2, 2019, 11:20 AM IST

ABOUT THE AUTHOR

...view details