অসম

assam

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:46 PM IST

ETV Bharat / state

মাণিকপুৰক উপ-জিলা ঘোষণাৰ দাবীত প্ৰতিবাদী ৰাজহুৱা সভা

Protest at Manikpur: বঙাইগাঁও সদৰস্থানৰ তথা নৱগঠিত/ঘোষিত উপ-জিলা ক্রমে অভয়াপুৰী আৰু সৃজনগ্রামৰ পৰা মাণিকপুৰলৈ হোৱা দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা ৮৩খন ৰাজহ গাঁৱক সামৰি মাণিকপুৰক উপ-জিলা হিচাবে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীক ৰাইজৰ আহ্বান ।

Manikpur Sub District Claims Committee
মাণিকপুৰ উপ জিলা দাবী সমিতি

মাণিকপুৰ উপ জিলা দাবী সমিতি

মাণিকপুৰ, ২৪ ডিচেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত প্ৰতিবাদী ৰাজহুৱা সভাত কোনো কাৰ্যালয় যাতে মাণিকপুৰৰ পৰা আঁতৰি নাযায় তাৰ প্ৰতি ৰাইজে চৰকাৰক আহ্বান জনায় । আজি পুনৰ প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰাইজে বঙাইগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য় যে চৰকাৰে মাণিকপুৰ মহকুমা ঘোষণা কৰি বিভিন্ন কাৰ্যালয় স্থাপন কৰিছিল । তাৰ পিছতে মাণিকপুৰ সমষ্টি ঘোষণা কৰিছিল যদিও হঠাতে পৰিৱৰ্ত্তন কৰি সৃজনগ্ৰাম সমষ্টি নামেৰে নামকৰণ কৰে । এই কাৰ্যত ক্ষুদ্ধ হৈ মাণিকপুৰৰ ৮৩খন গাঁৱৰ ৰাইজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লয় । কিন্তু ইয়াৰ পিচতো চৰকাৰে কোনো গুৰুত্ব নিদিলে । ফলত আজি পুনৰ প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰি বঙাইগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

মাণিকপুৰবাসীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ঐতিহ্যমণ্ডিত একশৰণ নামধৰ্ম প্ৰচাৰৰ কেন্দ্ৰ গোবিন্দ ভৱন গীতাসত্ৰস্থিত মাণিকপুৰৰ ভৌগোলিক স্থিতিৰ দিশেৰে দৃষ্টি নিক্ষেপ কৰিলে অনুধাৱন কৰিব পাৰি যে বঙাইগাঁও সদৰৰ পৰা মাণিকপুৰলৈ দূৰত্ব প্রায় ৪৫ কিলো মিটাৰ । বঙাইগাঁও জিলাত চৰকাৰে নতুনকৈ ঘোষণা কৰা দুখন উপ জিলা একেখন থানাৰ অন্তৰ্গত ক্ৰমে অভয়াপুৰী আৰু সৃজনগ্রাম । দুয়োখনৰ পৰা মাণিকপুৰলৈ দূৰত্ব ক্রমে ৬০ কিলো মিটাৰ আৰু ৬৫ কিলো মিটাৰ হ'ব । মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৩ খন গাঁৱৰ বাসিন্দা সকল প্রধানতঃ কৃষিজীৱি হোৱা হেতুকে মাটি-বাৰী সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত দূৰলৈ যোৱাটো কৃষিজীৱী তথা শিক্ষা-দীক্ষাত অনগ্ৰসৰ লোকৰ বাবে জটিল সমস্যা হ'ব ।

লগতে পঢ়ক:সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে, পাহৰণি গৰ্ভলৈ গতি কৰিছে গ্ৰীটিংছ কাৰ্ডে

ABOUT THE AUTHOR

...view details