বঙাইগাঁও, 4 মে': বঙাইগাঁৱৰ অভয়াপুৰীত ইচ্ছামৃত্যু বিচাৰি এদল লোকৰ প্ৰতিবাদ । কৰ'ণা ৰোগী চিনাক্ত হোৱাৰ পিচতে জিলা প্ৰশাসনে নিষিদ্ধ কৰা অভয়াপুৰীৰ হৰিজন কলনীৰ লোকসকলে ইচ্ছামৃত্যু বিচাৰি কৰিলে প্ৰতিবাদ । ৩০ এপ্ৰিলত ৪ গৰাকী ব্যক্তিৰ শৰীৰত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পিচত দ্বিতীয়বাৰলৈ বঙাইগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ্শনৰ প্ৰাকক্ষণতে সাব্যস্ত এই প্ৰতিবাদ ।
ইচ্ছামৃত্যু বিচাৰি প্ৰতিবাদত বহিল অভয়াপুৰীৰ একাংশ লোক
সোমবাৰে বঙাইগাঁৱৰ অভয়াপুৰীৰ হৰিজন কলনীৰ বাসিন্দাসকলে ইচ্ছামৃত্যু বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । কৰ'ণা আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিচতে ছীল কৰি দিয়া অঞ্চলটোৰ লোকক আজিলৈ প্ৰশাসনে কোনো ধৰণৰ সাহায্য় প্ৰদান নকৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত ।
protest in sealed area of bongaigaon
৩০ এপ্ৰিলতে ছীল হোৱা এই অঞ্চলৰ লোকক আজিলৈ প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । খাদ্য সামগ্ৰীৰ অভাৱ হোৱা অঞ্চলটোত কোনো সাহায্য প্ৰদান নকৰাৰ বাবে উপায়ন্তৰ হৈ, ইচ্ছামৃত্যু বিচাৰি আজি পুৱাৰ পৰাই প্ৰতিবাদত বহিল হৰিজন কলনীৰ বাসিন্দাসকল ।
লগতে পঢ়কঃভাৰতত COVID-19ৰ শেহতীয়া তথ্য