মাণিকপুৰ,৯ জুন:বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছে । এটা গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ ৰূপে উদঙাইছে চৰকাৰৰ বিফলতা । ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা-অদলাগুৰী সংযোগী গড়কাপ্তানি পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।
এজাক বৰষুণতে পুখুৰী সদৃশ গাতৰ সৃষ্টি হয় পথটোত । অতি ব্যস্ততাপূৰ্ণ পথটো জৰাজীৰ্ণ হৈ থকাৰ ফলত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে । পথটো মেৰামতিৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক বহুবাৰ আবেদন জনাইছে ৰাইজে ।