মাণিকপুৰ, ৩০ ছেপ্টেম্বৰঃমাণিকপুৰ উপ-জিলা গঠনৰ দাবীত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা। আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰে হতাহতি আৰু খণ্ড যুদ্ধত ৰাজপথত ঢলি পৰিল প্ৰতিবাদকাৰী । পূৰ্বে ঘোষিত মাণিকপুৰ মহকুমাক বিলুপ্তিৰ উপৰি সকলো দিশৰ পৰা বঞ্চিত মাণিপুৰবাসী ৰাইজে শনিবাৰে মাণিকপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক ৰাইজে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ আগবাঢ়ি আহে যদিও প্ৰতিবাদস্থলীত মোতায়েন কৰা অৰ্ধ শতাধিক আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে প্ৰতিবাদী সমদলটোক বাধা আৰোপ কৰে । মহকুমা অথবা উপ-জিলাৰ পৰা বঞ্চিত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কেইবাবাৰো আৰক্ষীৰ বেৰিকেড ভাঙি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়া নেতাক আটক কৰাৰ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীৰ হেঁচাত আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ।
লগতে পঢ়ক:Press meet of AJYCP : HSLC ৰ আবেদন পত্ৰ পূৰণ বিনামূলীয়া কৰাৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ