অসম

assam

বন্যাৰ্তৰ ৰোষত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক

By

Published : Jul 19, 2020, 5:49 PM IST

ৰাজ্য়ৰ অন্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো বানে তাণ্ডৱ চলাইছে ৷ সোমবাৰে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত বন্যাৰ্তৰ ৰোষত পৰিল বিধায়ক আব্দুল হাই নাগৰি ৷

PROTEST BONGAIGAON FLOOD AFFECTED PEOPLE AGAINST LOCAL MLA
বন্যাৰ্তৰ ৰোষত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক

উত্তৰ অভয়াপুৰী, 19 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে বানৰ তাণ্ডৱ ৷ ক'ভিড-19 ৰ সমান্তৰালভাবে বানৰ বিভীষিকাময় পৰিস্থিতিয়ে জুৰুলা কৰিছে বানাক্ৰান্তক ৰাইজক ৷ ৰাজ্য়ৰ অন্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতে বাৰিষাৰ বানে তাণ্ডৱ চলাইছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল পানীৰ কৱলত পৰাৰ বাবে ৰাইজে ওখ ভেঁটি বা মাথাউৰিত আশ্ৰয় ল'ব লগা হৈছে ৷

সোমবাৰে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত বন্যাৰ্তৰ ৰোষত পৰিল বিধায়ক আব্দুল হাই নাগৰি ৷ বানাক্ৰান্ত ৰাইজৰ অভিযোগ অনুসৰি,বিগত এমাহ বানৰ কৱলত পৰা ৰাইজক বিধায়কগৰাকীয়ে কোনো ধৰণৰ খবৰ নকৰাৰ অভিযোগ ৷ কিন্তু সোমবাৰে সাংসদ আব্দুল খালেকে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সময়ত বিধায়কগৰাকীয়ে সংগ দিয়াৰ সময়ত এই ঘটনা সংঘটিত হয় ৷ বিগত এমাহ ধৰি প্ৰলয়ংকাৰী বানত ককবকাই থকা নিজ সমষ্টিৰ লোকৰ খবৰ ল'বলৈ সময় নোপোৱা বিধায়কগৰাকীৰ ওপৰত অতিষ্ঠ হৈ পৰা বন্যাৰ্তই বিধায়কগৰাকীক সাংসদৰ লগত দেখা পাই ক্ষোভিত হৈ পৰে । আনকি,একাংশ বন্যাৰ্তই বিধায়ক গৰাকীক আগুৰি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে, বন্যাৰ্তৰ এনে কাৰ্য্যত বিধায়কৰ সমৰ্থকসকলে খৰ্গহস্ত হৈ বন্যাৰ্তক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত দুয়ো পক্ষৰ মাজত হতাহতি হোৱা দেখা যায় । অৱশ্যে সাংসদগৰাকীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণত আহে বুলি জানিব পৰা গৈছে ।

বন্যাৰ্তৰ ৰোষত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক

উল্লেখযোগ্য যে, অসমত বৰ্তমান বানৰ কবলত 30 খন জিলাৰ প্ৰায় 50 লক্ষাধিক জনতা আক্ৰান্ত হোৱাৰ লগতে বানত 83 জনতকৈ অধিক লোকে মৃত্যু বৰণ কৰিব লগা হৈছে ৷

লগতে পঢ়ক :ৰাজ্যৰ বানত এইপৰ্যন্ত মৃত্যু 84 গৰাকীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details