বঙাইগাঁও, 18 ছেপ্টেম্বৰ :বঙাইগাঁও জিলাৰ অদলাগুৰী ক্ৰীড়া সংঘৰ সৌজন্যত দেওবাৰৰে পৰা আৰম্ভ হয় স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি ফুটবল প্ৰাইজমানিসহ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি । অদলাগুৰী শিলাঠাকুৰ খেল পথাৰত শুভাৰম্ভণি হোৱা খেলখন উদ্বোধনী কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদক গোকুল বৰ্মণে ৷ উদ্বোধনী অনুষ্ঠানত লগতে উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য গোলাপ পাঠক ।
উল্লেখ্য যে, বিগত বছৰসমূহৰ দৰে এই বেলিও স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত ১৬ টা দলে অংশ গ্ৰহণ কৰিব । উদ্বোধনী খেলখন অদলাগুৰী স্পৰ্টছ ক্লাৱ বনাম ভেৰভেৰী এফ চিৰ মাজত অনুষ্ঠিত হয় । নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত খেলখন অমীমাংসিত হোৱাত অদলাগুৰী স্পৰ্টছ ক্লাৱ ট্ৰাইবেকাৰৰ সহায়ত ৬-৫ গ’লৰ ব্যৱধানত ভেৰভেৰী এফ চি ক্লাৱক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে ।
স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি এই প্ৰাইজমানিসহ ট্ৰফী প্ৰতিযোগিতাৰ চূড়ান্ত খেলত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা দলক প্ৰথম পুৰস্কাৰ হিচাপে বিশ হাজাৰ টকা আগবঢ়াব দাতা নাৰায়ণ ৰায়ে ৷ স্বৰ্গীয় দীপেন ৰায়ৰ সোঁৱৰণত এই বঁটা আগবঢ়োৱা হ’ব ।