বঙাইগাওঁ, 25 নৱেম্বৰ:বঙাইগাঁও চহৰৰ ভাকাৰীভিটাস্থ কমতাপুৰ ভৱনত সংবাদমেল ৷ সংবাদমেলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিদ্বয় তথা বৰ্তমান কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ৰ মন্তব্য,জনজাতিকৰণ এক সংবিধান প্ৰদত্ত অধিকাৰ ৷ এই অধিকাৰ কোচ ৰাজবংশীৰ প্ৰাপ্য ৷
ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে বৰ্তমানৰ জনজাতি সকলৰ কোনো ধৰণৰ ক্ষতিসাধন নোহোৱাকৈ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে ৷ জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় মন্তব্য কৰে ৷ সংবিধানে কোনো জাতি-জনগোষ্ঠীকে যুগ যুগান্তৰলৈ জনজাতিকৰণ দিয়া নাই ৷ সামাজিক,অৰ্থনৈতিক, শৈক্ষিকভাৱে দুৰ্বল আৰু ভৌগলিকভাৱে বিচ্ছিন্ন তথা অস্পৃশ্য জাতি-জনগোষ্ঠীক দহ বছৰৰ বাবে জনজাতিৰ মৰ্যদা দিছে ৷ প্ৰতি দহ বছৰৰ পিছত পুনৰীক্ষণ হয় ৷ পুনৰীক্ষণৰ জৰিয়তে কাৰোবাক জনজাতিৰ তালিকাৰ পৰা কৰ্তন কৰিব পৰা সাংবিধানিক ব্যৱস্থা আছে ৷ অসমৰ বৰ্তমানৰ কেবাটাও জনগোষ্ঠী জনজাতীয় বৈশিষ্ট্য হেৰুৱাই পেলাইছে ৷