বঙাইগাঁও,31 মাৰ্চ:মঙলবাৰে চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ে এখন সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত ৰায়ে কয় যে, বিগত দিনত কংগ্ৰেছ, বিজেপি আৰু অন্যান্য ৰাজনৈতিক দলসমূহে বৃহত্তৰ অসমীয়া জাতিটোক সঠিক দিশত আগবঢ়াই নিয়াত ব্যৰ্থ হৈছে । তেওঁলোকে বিভিন্ন জাতি-জনজাতি, ভাষা-ধৰ্মীয় গোষ্ঠীক সামৰি লৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সফল হ’ব পৰা নাই বুলি মন্তব্য কৰে ৷
ৰাজনৈতিক দলসমূহে ৰাজ্যক আগুৱাই নিয়াত ব্যৰ্থ হৈছে ! - এন এছ কে চেন্টাৰ
চিৰাঙৰ কাজলগাঁও প্ৰেছ ক্লাবত ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ৰ সংবাদমেল সম্বোধন । ডি ভোটাৰ, ডিটেনচন কেম্প, এনআৰচিক লৈ কাম কৰাৰ প্ৰতিশ্ৰুতি ৰায়ৰ ।
![ৰাজনৈতিক দলসমূহে ৰাজ্যক আগুৱাই নিয়াত ব্যৰ্থ হৈছে ! ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11220424-1035-11220424-1617160085693.jpg)
ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ৰ সংবাদমেল
ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ৰ সংবাদমেল
উল্লেখ্য যে, প্ৰকৃত ভাৰতীয়সকলক ডিটেনছন কেম্পৰ পৰা উলিয়াই অনা, এনআৰচিত বাদ পৰা লোকৰ পুনৰীক্ষণ এনএছকে চেণ্টাৰবোৰত সহজ প্ৰক্ৰিয়াৰে সম্পন্ন কৰা, ডি ভোটাৰ সমস্যা চিৰদিনৰ বাবে সমাপ্ত কৰা আদি বিষয়ত বলিষ্ঠভাৱে মাত মাতি যাব বুলি সংবাদমেলত মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে । তদুপৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীকো সমালোচনা কৰে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ে ।